নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত পুতি থোৱা বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ  অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত আজি পুনৰবাৰ বৃহৎ সফলতা লাভ কৰে। আজি বিয়লি ৪ বজাত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত আৰক্ষী অধীক্ষক সিঙে প্ৰকাশ কৰে যে বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ভূটান সীমান্তৱৰ্তী ১ নং গৌজেনপুৰীত  আৰক্ষীয়ে কেইবাঠাইতো খনন কাৰ্য চলোৱাৰ পিছত এঠাইৰ পৰা দুটা প্লাষ্টিকৰ টেমাত পলিথিনত মেৰিয়াই গাঁতত পুতি ৰখা অৱস্থাত বহু সংখ্যক সক্ৰিয় গুলী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা মুঠ ৭৯২ টা সক্ৰিয় গুলীৰ ভিতৰত ৫৬১ টা ৭.৬২ এম এমৰ আৰু  ২৩১ টা ৫.৫৬ এম এমৰ সক্ৰিয়  গুলী । বিটিচি নিৰ্ব্বাচনত অশান্তিৰ সৃষ্টি কৰিবলৈ এই সমূহ সক্ৰিয় গুলী লুকুৱাই থোৱাৰ সন্দেহ কৰাৰ যথেষ্ট থলআছে যদিও আৰক্ষীয়ে বিষয়ে সতৰ্কতাৰে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ ফলতে বিগত সময়চোৱাত একাধিক স্থানত মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ হৈছে। আজিৰ এই সক্ৰিয় গুলী সমূহো জিলাখনত কিছুদিন পুৰ্বেলৈকে সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন সমুহৰ হব পাৰে বুলি চিৰাং  আৰক্ষীয়ে সন্দেহ কৰিছে ।

You might also like