নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিৰোধী ঐক্যমঞ্চত ঘৰশত্ৰু বিভীষণৰ ভূমিকা লৈছে অখিল গগৈয়ে’

🔹 শিৱসাগৰৰ বিধায়কক তুলাধুনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ৩০ মাৰ্চ : ৰাজনৈতিক ক্ষেত্ৰখনত সম্প্ৰতি অখিল গগৈয়ে কি চৰিত্ৰ ৰূপায়ণ কৰি আছে, সেই সম্পৰ্কে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইদিনমান পূৰ্বে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল আৰু বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত পুনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে সম্প্ৰতি দুখন মহাকাব্যৰ দুটা ডাঙৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে বুলি মন্তব্য কৰে। তেওঁ কয়- যেনেকৈ ৰামায়ণত বিভীষণ নামৰ এটা চৰিত্ৰ আছিল, মহাভাৰতত শকুনি নামৰ এটা চৰিত্ৰ আছিল, অখিল গগৈয়ে আজিৰ তাৰিখত বিভীষণ আৰু শকুনিৰ সমন্বয়ৰ এটা সুন্দৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে। বিভীষণ এনেকুৱা এটা চৰিত্ৰ যাক আমি ঘৰ শত্ৰু বিভীষণ বুলি কওঁ। যিয়ে নেকি ঘৰতে থাকি শত্ৰুতা কৰে। যেনেদৰে বিভীষণে লংকাধিপতি হ’বৰ কাৰণে নিজৰ ভায়েকক কেনেকৈ পৰাস্ত কৰিব লাগে, তাৰ সকলো বুদ্ধি প্ৰভু ৰামচন্দ্ৰক দিছিল, তেনেদৰে অখিল গগৈয়ে সেই ধৰণৰ এটা ব্যৱস্থা কৰি আছে, যিটো ঘৰ শত্ৰু বিভীষণৰ চৰিত্ৰ। দ্বিতীয়তে শকুনি এটা চৰিত্ৰ- যিটো চৰিত্ৰ প্ৰতিশোধ ল’বৰ কাৰণে, নিজৰ ভাতৃ হত্যাৰ প্ৰতিশোধ ল’বৰ কাৰণে কৌৰৱৰ লগত থাকিয়ে কৌৰৱক ধ্বংস কৰাৰ কাৰণে এটা চৰিত্ৰ কৰিছিল। এই শকুনি চৰিত্ৰটো অখিলে খুব সুন্দৰভাৱে ৰূপায়ণ কৰিছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়। বিভীষণ আৰু শকুনি চৰিত্ৰৰ মাজেৰে অখিল গগৈয়ে ধুনীয়াকৈ নিজৰ লগত থকা মানুহখিনিৰ ৰাজনৈতিক হত্যাৰো পৰিকল্পনা কৰি লৈছে আৰু ভৱিষ্যতৰ তেওঁৰ দুৰাকাংক্ষাৰ সপোনটো বাস্তৱ কৰিবৰ কাৰণে বা দুৰাকাংক্ষাৰ যি ৰাজ্য, সেই ৰাজ্যৰ একছত্ৰী সম্ৰাট হ’বৰ কাৰণে তেওঁ সুন্দৰভাৱে কাম কৰি আছে বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অখিল গগৈয়ে নিজেই কৈছে যে গৌৰৱ গগৈয়ে শিৱসাগৰলৈ যাওঁতে তেওঁক লগত লৈ নগ’ল। তেওঁক লগত লৈ নোযোৱা কাৰণে শিৱসাগৰত গৌৰৱ গগৈয়ে যে ভোট কম পাব, সেইটো অখিল গগৈয়ে কৈয়ে দিলে। মন্ত্ৰীগৰাকীয়ে কয়- কিন্তু আমি শুনা মতে, তেওঁক দুটা কাৰণত গৌৰৱ গগৈয়ে নিব বিচৰা নাছিল। প্ৰথম কাৰণটো হ’ল গৌৰৱ গগৈয়ে ভাবিছিল যে অখিল গগৈক লৈ গ’লে গৌৰৱ গগৈৰ ভোট কমিব পাৰে। দ্বিতীয় কাৰণটো হ’ল- এচামে কৈছে যে গৌৰৱ গগৈয়ে তেওঁক ফোনত বিচাৰি আছিল, কিন্তু ফোনত যোগাযোগ কৰিব পৰা নাছিল, তেওঁ পলাই ফুৰিছিল। আচলতে কথাটো কি, তেওঁলোকেহে জানে। কিন্তু গৌৰৱ গগৈৰ লগত তেওঁ নিজৰ সমষ্টিটোত নথকাটোৱে প্ৰমাণ কৰে যে গৌৰৱ গগৈক অখিল গগৈয়ে হৰুৱাবৰ বাবে কাম কৰি আছে। একেদৰে লুৰীণ গগৈকো তেওঁ হৰুৱাবৰ বাবে কাম কৰি আছে। তেওঁৰ যিখন দুৰাকাংক্ষাৰ জগত, সেই জগতখনত তেওঁ কেনেকৈ একছত্ৰী সম্ৰাট হ’ব পাৰে, সেই কামটো কৰি আছে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অখিল গগৈৰ চৰিত্ৰটো একেবাৰে বিভীষণ আৰু শকুনিৰ সমন্বয়ৰ চৰিত্ৰ। এই চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে অখিল গগৈক কূটনৈতিকভাৱে মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা দিয়ে। কিয়নো ৰাজনীতি, কূটনীতিত এইবিলাক চলে, সেইবাবে তেওঁ অখিলক কূটনৈতিকভাৱে শুভেচ্ছা জনাই কয় যে এনেকুৱা ধৰণে নিজৰ লগৰ মানুহকে প্ৰতাৰণা কৰাটো অসমীয়া সমাজত বৰ ভাল নেদেখি। এজন অসমীয়া হিচাপে এই কথাটো এবাৰ চিন্তা কৰিবলৈকো মন্ত্ৰীগৰাকীয়ে অখিল গগৈক আহ্বান জনায়।

You might also like