নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনৰ ৰণনীতি বিজেপিৰ কৃষক মৰ্চাৰ

🔹 বিজেপিৰ প্ৰদেশ কৃষক মৰ্চাৰ বিষয়ববীয়াৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

🔹 বিজেপি-মৰ্চাৰ অংশীদাৰ প্ৰাৰ্থীৰ সপক্ষে হ’ব ব্যাপক প্ৰচাৰ

🔹 প্ৰধানমন্ত্ৰী মোদীৰ অভিলাষী আঁচনিক লৈ জনসচেতনতা সৃষ্টিৰ সংকল্প

বিশেষ বাৰ্তা, ৩০ মাৰ্চ : লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন তিনি দলীয় মৰ্চাৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ বাবে ৰণনীতি গ্ৰহণ কৰিছে বিজেপিৰ কৃষক মৰ্চাৰ অসম প্ৰদেশ কমিটীয়ে। আজি ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় সমিতিৰ আহ্বান মৰ্মে কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত এখন বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হয় । কৃষক মৰ্চা অসম প্ৰদেশৰ সভাপতি উৎপল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি তথা কৃষক মৰ্চাৰ প্ৰভাৰী অশোক কুমাৰ ভট্টৰায়, কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি প্ৰাণ কুমাৰ দাসৰ লগতে ৰাজ্যিকৰ দুয়োগৰাকী সাধাৰণ সম্পাদক ক্ৰমে ৰঞ্জিত ভট্টাচাৰ্য, সঞ্জীৱ বৰাৰ লগতে উপ-সভাপতিসকলকে মুখ্য কৰি সকলো বিষয়ববীয়াৰ লগতে অসমৰ সকলো জিলাৰ জিলা সভাপতিসকল উপস্থিত থাকে । সভাত কৃষক মৰ্চাৰ বিষয়ববীয়া তথা সদস্যসকলে দলীয় আৰু মৰ্চাৰ অংশীদাৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত তৃণমূল পৰ্যায়ত নিৰ্বাচনী অভিযান আৰু অধিক সক্ৰিয়তাৰে চলোৱাৰ সিদ্ধান্ত লয়। বিশেষকৈ কৃষকসকলৰ সামূহিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপায়ণৰ তদাৰক আৰু সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

You might also like