নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিগৰাকী অসমীয়াই প্রার্থনা কৰকঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত প্রথমগৰাকী অসমীয়া হিচাপে পদক নিশ্চিত কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰা অসম কন্যা লাভলীনা বৰগোহাই কাইলৈ ছেমিফাইনেলত অৱতীর্ণ হ’ব৷ এই বিশেষ দিনটোৰ প্রাক্সন্ধ্যা খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত আয়োজিত এক বন্তি প্রজ্বলন কার্যসূচীত মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ লৌহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্রতিমূর্তিৰ সন্মুখত এগছি বন্তি প্রজ্বলনেৰে তেওঁ এই কার্যসূচীৰ শুভাৰম্ভ কৰে৷

মুখ্যমন্ত্রীয়ে অনুষ্ঠানত উপস্থিত থকা খেলুৱৈসকলৰ সৈতেও বার্তালাপ কৰে৷ সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রীয়ে কয় যে কাইলৈ পুৱা ১১ বজাত ছেমিফাইনেলত অৱতীর্ণ হ’বলগীয়া অসম জীয়ৰী লাভলীনা বৰগোহাইৰ বিজয় কামনাৰে আজিৰ এই বিশেষ কার্যসূচী হাতত লোৱা হৈছে৷ কাইলৈৰ এই বিশেষ দিনটোৰ পুৱা নিজ গৃহত এগছিকৈ বন্তি প্রজ্বলনেৰে লাভলীনা বৰগোহাইৰ হৈ প্রার্থনা জনাবলৈ তেওঁ অসমবাসীৰ প্রতি আহ্বান জনায়৷

মঙলবাৰৰ এই কার্যসূচীত ক্রীডামন্ত্রী বিমল বৰা, জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকা, নগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহল, ৰাজহ মন্ত্রী যোগেন মহন আৰু কেইবাগৰাকীও বিধায়কৰ লগতে অসম অলিম্পিক সন্থা তথা ক্রীডা আৰু যুৱ কল্যাণ বিভাগৰ বিষয়ববীয়াসকলকে ধৰি প্রশাসনৰ শীর্ষ বিষয়াসকলে অংশগ্রহণ কৰে৷

You might also like