নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ প্রাচীৰ ভাঙি সর্বজনৰ আন্তৰিক শ্রদ্ধা

‘দুৰন্ত তৰুণ’ৰ মহাপ্রয়াণত মহানগৰীত অভূতপূর্ব পৰিৱেশ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ একেৰাহে তিনিবাৰ মুখ্যমন্ত্রীৰ পদ অলংকৃত কৰি ৰাজ্যৰ ৰাজনীতিত এক সোণসেৰীয়া অধ্যায় ৰচনা কৰা প্রাক্তন মুখ্যমন্ত্রী তথা বর্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ বিয়োগত শোকস্তদ্ধ হৈ পৰিছে সমগ্র ৰাজ্য৷ মৃত্যুৰ পাছৰ পৰাই প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ যেন হৈ পৰিল ৰাজনীতিৰ বৃত্তৰ বাহিৰৰ এক সর্বজনপ্রিয় ব্যক্তিত্ব৷ কালি সন্ধিয়া মহাপ্রয়াণ ঘটা অসমৰ ৰাজনীতিৰ ক্ষেত্রখনৰ মহীৰূহ তৰুণ গগৈক শেষ শ্রদ্ধা জনাবলৈ ওলাই আহিল অগণিত লোক৷ ৰাজনীতিৰ ঊর্ধ্বলৈ গৈ দল–বর্ণ–ধর্ম নির্বিশেষে প্রতিটো শ্রেণীৰ ৰাইজে প্রিয় নেতাগৰাকীক শেষবাৰৰ বাবে এপলক চাবলৈ ওলাই অহা পৰিলক্ষিত হয়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) কালি পুৱাৰ ভাগৰে পৰা অলেখ গুমুগ্ধই ভিৰ কৰিছিল৷ সন্ধিয়া মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ লগতে অসংখ্য অনুগামী তথা শুভাকাংক্ষীয়ে হাস্পতাল চৌহদত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবর্গৰ ওচৰত থিয় দিয়ে৷ আজি পুৱাৰ ভাগৰ পৰা জি এম চি এইচ চৌহদলৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীক শেষ শ্রদ্ধা জনাবলৈ জনস্রোত বোৱা পৰিলক্ষিত হয়৷ ইয়াৰ মাজতে পুৱা প্রায় ৯.৩০ বজাত এখন পুষ্পসজ্জিত বাহনেৰে লৈ অহা হয় তেওঁৰ নশ্বৰ দেহ৷ পুত্র গৌৰৱ গগৈ, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনকে ধৰি কেইবাগৰাকী নেতায়ো পুষ্পসজ্জিত বাহনত সংগ দিয়ে প্রয়াত প্রাক্তন মুখ্যমন্ত্রীগৰাকীক৷ অসংখ্য দলীয় নেতা–কর্মীৰ শোভাযাত্রাৰ মাজেৰে পুষ্পসজ্জিত বাহনখনেৰে প্রয়াত গগৈৰ নশ্বৰ দেহ লৈ অহা হয় দিছপুৰস্থিত তেওঁৰ চৰকাৰী বাসগৃহলৈ৷ দিনৰ প্রায় ১১ বজাত পুষ্পসজ্জিত বাহন দিছপুৰত উপস্থিত হয়৷ বাহনখনৰ পৰা তেওঁৰ নশ্বৰ দেহ চৰকাৰী আৱাসলৈ নমাই অনা হয় আৰু অন্তিম শ্রদ্ধাৰ যাৱতীয় প্রক্রিয়া সম্পন্ন কৰা হয়৷ তেওঁৰ নশ্বৰ দেহ চৰকাৰী আৱাসলৈ অনাৰ লগে লগে বিৰাজ কৰে এক শোকাকুল পৰিৱেশ৷ পত্নী ডলী গগৈ, পুত্র গৌৰৱ গগৈ, বোৱাৰী এলিজাবেথ ক’লৱার্ন, কন্যা চন্দ্রিমা গগৈয়ে ধর্মীয় পৰম্পৰা অনুসৰি প্রয়াত গগৈলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ অশ্রুসিক্ত নয়নেৰে স্বামীক ডলী গগৈয়ে বিদায় দিয়াৰ দৃশ্যই সকলোকে আৱেগিক কৰি তোলে৷

গৌৰৱ গগৈৰ কোলাৰ পৰাই কণমানি নাতিয়ে ফুলৰ তোৰা প্রয়াত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ নশ্বৰ দেহত অর্পণ কৰে৷ দিছপুৰৰ চৰকাৰী আৱাসতো প্রাক্তন মুখ্যমন্ত্রীগৰাকীক শ্রদ্ধা জ্ঞাপন কৰিবলৈ অসংখ্য লোকৰ সমাগম ঘটে৷ মন্ত্রী–বিধায়কৰ পৰা আৰম্ভ কৰি দলীয় নেতা–কর্মী, শুভাকাংক্ষী আৰু অনুগামীয়ে প্রয়াত গগৈৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰে৷ শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ অহা প্রতিগৰাকী ব্যক্তিয়ে ‘দুৰন্ত তৰুণ’খ্যাত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ সৈতে পাৰ কৰা সময়ৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰাৰ লগতে এয়া এক বৃহৎ শূন্যতা বুলি উল্লেখ কৰে৷ অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে প্রাক্তন মুখ্যমন্ত্রীগৰাকীক শ্রদ্ধা জ্ঞাপন কৰি কয় যে তৰুণ গগৈৰ মহাপ্রয়াণ এক অপূৰণীয় ক্ষতি৷ গগৈ এজন অতি সক্রিয় নেতা আছিল বুলি উল্লেখ কৰি গোস্বামীয়ে কয়– ‘মই মোৰ এজন অভিভাৱক আৰু জ্যেষ্ঠ ভাতৃক হেৰুৱালোঁ৷ তেওঁৰ মৃত্যু অপূৰণীয় ক্ষতি৷ তেওঁৰ সাধাৰণ জীৱনশৈলী সকলোৰে বাবে অনুকৰণীয়৷ কেতিয়াও তৰুণ গগৈক হতাশ হোৱা দেখা নাছিলোঁ৷’ মন্ত্রী অতুল বৰাৰ লগতে অগপৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, সত্যব্রত কলিতাকে ধৰি বহুসংখ্যক নেতাই চৰকাৰী আৱাসত গগৈক শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ মন্ত্রী বৰায়ো প্রাক্তন মুখ্যমন্ত্রীৰ বিয়োগ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্রৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে৷ গগৈয়ে সকলো জাতি–জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱাৰ প্রয়াস কৰিছিল বুলিও বৰাই উল্লেখ কৰে৷ বিজেপি নেতা তথা সদ্যপদত্যাগী সাংসদ বিশ্বজিৎ দৈমাৰীয়ে প্রয়াত মুখ্যমন্ত্রীগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰি কয় যে তেওঁৰ বাবেই বিটিচি চুক্তি ৰূপায়ণ হৈছিল৷ উগ্রবাদী সংগঠন বি এল টিৰ সৈতে আলোচনাৰে বড়ো জনগোষ্ঠীৰ এক জ্বলন্ত সমস্যাৰ তেওঁ সমাধান কৰিছিল৷ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কয় যে প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে কোনো বিপদলৈ ভয় নকৰিছিল৷ সকলো সমস্যা সাহসেৰে সমাধানৰ চেষ্টা কৰিছিল৷ প্রাক্তন সাংসদ সুস্মিতা দেৱেও এগৰাকী পিতৃতুল্য ব্যক্তিক হেৰুৱালে বুলি উল্লেখ কৰে৷ গগৈৰ বিয়োগত সৃষ্টি হোৱা শূন্যতা কোনেও পূৰণ কৰিব নোৱাৰিব বুলিও তেওঁ মন্তব্য কৰে৷ দিছপুৰৰ চৰকাৰী আৱাসত সাংসদ ভুবনেশ্বৰ কলিতা, পল্লৱলোচন দাস, মন্ত্রী ৰিহণ দৈমাৰী, এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল, বিধায়ক আমিনুল ইছলাম, প্রাক্তন মন্ত্রী পৃথিৱী মাঝি, বিৰোধী দলপতি দেৱব্রত শইকীয়া, বিধায়ক সত্যব্রত কলিতা, সাংসদ তপন গগৈ, বিধায়ক নন্দিতা দাস, কমলাক্ষ দে’ পুৰকায়স্থ, কংগ্রেছ নেতা ভূপেন বৰা, মন্ত্রী যোগেন মহন, প্রাক্তন মন্ত্রী ভৰত নৰহ, গৌতম বৰা, কংগ্রেছ নেতা ৱাজেদ আলী চৌধুৰীকে ধৰি বহুসংখ্যক নেতাই প্রয়াত গগৈলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷

সেইদৰে ‘দৈনিক অগ্রদূত’ৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকায়ো গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি কয় যে গগৈয়ে ৰাজনীতিক হিচাপে সমালোচনাক সহ্য কৰিছিল৷ অগ্রদূত কাকতত বহু সময়ত তেওঁৰ লগতে চৰকাৰখনক সমালোচনা কৰি আহিছে যদিও এবাৰো তেওঁ সোধা নাছিল কিয় তেনেদৰে লিখিছে৷ তদুপৰি গগৈয়ে সকলো জনগোষ্ঠী–সম্প্রদায় একগোট কৰিবলৈ সক্ষম হৈছে৷ তেওঁ আছিল মানৱতাবাদী৷ তেওঁ সাধাৰণ মানুহক ভাল পাইছিল৷ কোনো মানুহকে তেওঁ বিমুখ কৰা নাছিল৷ দিনৰ প্রায় ১২.৩০ বজাত প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে দিছপুৰৰ পৰা লৈ অহা হয় মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰা জনতা ভৱনলৈ৷ ইয়াতো জনতা ভৱনৰ বিষয়ববীয়াসকলৰ লগতে কর্মচাৰীসকলে তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণেৰে শেষ শ্রদ্ধা অর্পণ কৰে৷ জনতা ভৱন চৌহদত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে উচ্চপদস্থ বিষয়াসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ দিনৰ প্রায় ১.৩০ বজাত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ নশ্বৰ দেহ লৈ অহা হয় ৰাজীৱ ভৱনলৈ৷ কংগ্রেছৰ দুর্দিনত প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে দলটোৰ উত্থানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা তৰুণ গগৈৰ নশ্বৰ দেহ ৰাজীৱ ভৱনলৈ অনাৰ লগে লগে দলীয় নেতা–কর্মীসকলে তৰুণ গগৈ অমৰ হওক ধ্বনি দিয়ে৷ ৰাজীৱ ভৱনৰ চোতালত ৰখা নশ্বৰ দেহত শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ দলীয় নেতা–কর্মীসকলৰ সোঁত বোৱা পৰিলক্ষিত হয়৷ ৰাজীৱ ভৱনতো প্রাক্তন মুখ্যমন্ত্রীগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ সৃষ্টি হয় জনসমুদ্রৰ৷ প্রদেশ কংগ্রেছৰ শীর্ষ নেতৃবৃন্দৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ তৃণমূল পর্যায়ৰ কর্মীসকলেও শ্রদ্ধা জ্ঞাপন কৰে৷ ৰাজীৱ ভৱনত ১ মিনিট সময় মৌন প্রার্থনাৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰা হয়৷ প্রায় দুঘণ্টাজোৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত তেওঁৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র অভিমুখে লৈ অহা হয়৷ এই সময়ছোৱাতো অনুগামীসকলে শোভাযাত্রাত অংশগ্রহণ কৰাৰ লগতে তৰুণ গগৈ অমৰ হওক ধ্বনিৰে পদযাত্রা আৰম্ভ কৰে৷ এক দীঘলীয়া শোভাযাত্রাৰ মাজেৰে ৰাইজৰ নেতাগৰাকীৰ নশ্বৰ দেহ সন্ধিয়া প্রায় ৬ বজাত কলাক্ষেত্রত শেষ শ্রদ্ধাৰ বাবে ৰখা হয়৷ ইয়াতো বর্ষীয়ান ৰাজনীতিবিদগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ অসংখ্য লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়৷

ৰাজ্যৰ বিত্ত–স্বাস্থ্য–শিক্ষা আৰু লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত গৈ সমগ্র পৰিৱেশৰ পর্যবেক্ষণ কৰি পৰিয়াল তথা কংগ্রেছ দলৰ নেতৃবৃন্দৰে সমাধি ক্ষেত্র সম্পর্কত আলোচনাত মিলিত হয়৷ মন্ত্রী ড০ শর্মাই প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ নশ্বৰ দেহৰ ওচৰত বহি নাম–প্রসংগতো অংশগ্রহণ কৰে৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত কলাক্ষেত্র চৌহদত উপস্থিত হৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ আনহাতে কলাক্ষেত্র সমাজৰ উপ–সভাপতি তথা বিধায়িকা আঙুৰলতা ডেকা, জ্যেষ্ঠ অভিনেতা প্রাঞ্জল শইকীয়া, কণ্ঠশিল্পী বিদ্যা সাগৰ, বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰী, প্রাক্তন মন্ত্রী পৱন সিং ঘাটোৱাৰকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে কলাক্ষেত্রতে প্রয়াত গগৈলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ কাইলৈ দিনটো কলাক্ষেত্রতে ৰখা হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ৷ শুভাকাংক্ষী আৰু অনুগামীসকলে কাইলৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰিব পাৰিব৷ অহা বৃহস্পতিবাৰে পুৱা ৯ বজাত আৰম্ভ হ’ব ৰাজনীতিৰ মহীৰূহগৰাকীৰ অন্তিম যাত্রা৷

উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত সুস্থ হ’লেও প্রাক্তন মুখ্যমন্ত্রীগৰাকী বিশ্রামত থকাৰ সময়তে অসুস্থ হৈ পৰে৷ দীর্ঘদিন ধৰি তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ লগতে এইমছৰ চিকিৎসকৰ পৰামর্শ মতে গগৈৰ চিকিৎসা চলোৱা হৈছিল৷ যোৱা শনিবাৰৰ পৰা গগৈৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ আৰম্ভ কৰে আৰু কালি সন্ধিয়া ৫.৩৪ বজাত দেহাৱসান ঘটে৷ ইয়াৰ লগে লগে অসমৰ ৰাজনীতিত এটা যুগৰ অৱসান ঘটিল৷ সাধাৰণ জীৱনশৈলী তথা এখন হাঁহিমুখেৰে সকলোকে আপোন কৰি ল’ব পৰা গগৈৰ বিয়োগত শোকস্তব্ধ হৈ পৰে ৰাজ্যৰ সকলো স্তৰৰ জনতা৷ অসমক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰা বর্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁক শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ ওলাই আহে সর্বস্তৰৰ ৰাইজ৷ আজি তেওঁক শেষ বিদায় জনাবলৈ স্বতঃস্ফূর্তভাৱে শুভাকাংক্ষী আৰু অনুগামীসকল ওলাই অহাত মহানগৰীখনত সৃষ্টি হয় এক অভূতপূর্ব পৰিৱেশ৷ হয়তো পূর্বে এগৰাকী ৰাজনীতিবিদৰ বিয়োগত তেওঁক শেষ শ্রদ্ধা জনাবলৈ স্বতঃস্ফূর্তভাৱে অগণন লোক ওলাই অহাৰ নজিৰ অসমত নাছিল৷ জি এম চি এইচৰ পৰা শংকৰদেৱ কলাক্ষেত্রলৈ তেওঁৰ নশ্বৰ দেহ লৈ অহাৰ সময়ত মহানগৰীৰ ৰাজপথলৈ অগণন লোক ওলাই আহি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইফালে, তেওঁৰ বিয়োগত বিভিন্ন দল–সংগঠনৰ লগতে শীর্ষস্থানীয় ব্যক্তিয়ে শোক প্রকাশ কৰিছে৷ তেওঁৰ বিয়োগত শোক প্রকাশ কৰিছে সদৌ অসম নির্মাণ শ্রমিক সন্থাই৷ এক শোকবার্তাত সাংসদ আব্দুল খালেকে কয় যে গগৈৰ বিয়োগত তেওঁলোক অভিভাৱকহীন হৈ পৰিল৷ তৰুণ গগৈৰ বিয়োগত শোক প্রকাশ কৰি চি পি আই (এম)ৰ সম্পাদক দেৱেন ভট্টাচার্যই কয় যে অর্ধশতিকাজোৰা বর্ণিল ৰাজনৈতিক জীৱন আৰু অসমৰ ঘটনাবহুল এক ৰাজনৈতিক অধ্যায়ৰ সমাপ্তি ঘটিল৷ শোক প্রকাশ কৰিছে চি পি আইৰ অসম ৰাজ্যিক পৰিষদেও৷ আনহাতে, গুৱাহাটী তাই সমাজে শোক প্রকাশ কৰি কয় যে তৰুণ গগৈ এগৰাকী বিচক্ষণ প্রশাসক আৰু অপ্রতিৰোধ্য নেতা আছিল৷ আছাম প্রেছ কৰেছপণ্ডেণ্টছ ইউনিয়নেও শোক প্রকাশ কৰি তৰুণ গগৈক সাংবাদিকৰ এগৰাকী শুভ চিন্তক আছিল বুলি উল্লেখ কৰে৷ অসম ৰাজ্যিক জমিয়ত উলেমা, নতুন সাহিত্য পৰিষদ, অসম ৰাষ্ট্রভাষা প্রচাৰ সমিতিয়েও শোক প্রকাশ কৰিছে৷ ছবি নির্মাতা জাহ্ণ বৰুৱাই তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি কয় যে বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত প্রকৃত সমন্বয় স্থাপন কৰি তেওঁলোকৰ সমবিকাশৰ বাবে কাম কৰিবলৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে চেষ্টা চলাইছিল৷ ইফালে, এক শোকবার্তাত গুৱাহাটী বড়ো সংস্থাৰ যুটীয়া সচিব আৰ কে ব্রহ্মই কয় যে গগৈয়ে জীৱনজুৰি আগবঢ়োৱা সেৱা সদায় স্মৰণীয় হৈ ৰ’ব৷ প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে ছাত্র নেতা ড০ সমুজ্জ্বল ভট্টাচার্যই৷ টুইটযোগে ড০ ভট্টাচার্যই কয় যে অসমে এগৰাকী অভিজ্ঞ ৰাজনীতিবিদক হেৰুৱালে৷
শোকবিহ্বল আজমলৰ ঘোষণা– প্রকাশ কৰিব গগৈৰ জীৱনী
অসমৰ ৰাজনীতিৰ মহীৰূহস্বৰূপ প্রয়াত তৰুণ গগৈৰ বর্ণিল জীৱন, কর্মৰাজি আৰু বলিষ্ঠ আদর্শ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে ব্যাপক প্রচাৰত গুৰুত্ব আৰোপ কৰিছে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে৷ গগৈৰ বিয়োগত শোকবিহ্বল হৈ পৰা আজমলে আজি সংবাদ মাধ্যমৰ আগত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ জীৱন আৰু কর্মৰাজিৰ সঠিক প্রতিফলন ঘটাই এখন জীৱনী গ্রন্থ প্রকাশৰ পোষকতা কৰে৷ এই সম্পর্কত আজমলে কয় যে গগৈৰ জীৱনী এখন প্রকাশ কৰিব লাগে৷ ভাল লেখক ওলাই আহিলে আজমল ফাউণ্ডেচনে গগৈৰ জীৱনী গ্রন্থ প্রকাশৰ যাৱতীয় খৰচকে ধৰি সমস্ত উদ্যোগ বহন কৰিব৷ গগৈৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি কান্দি কান্দি আজমলে কয়– গগৈয়ে মোক বহুত মৰম কৰিছিল৷ আমিও গগৈক যথেষ্ট শ্রদ্ধা কৰিছিলোঁ৷ আগৰে পৰাই গগৈৰ সৈতে আমাৰ বন্ধুত্বপূর্ণ সম্পর্ক আছিল৷ সেই সম্পর্ক, সেই সম্বন্ধ কেতিয়াও পাহৰিব নোৱাৰোঁ৷ গগৈৰ বিয়োগত বহুত দুখ পাইছোঁ, বহুত আঘাত পাইছোঁ৷ খবৰটো শুনাৰে পৰা চকুৰ পানী ওলায়েই আছে৷ মই ৰাজনীতিলৈ অহাৰ পাছত কিছু ওলট–পালট হৈছিল যদিও পূর্বৰে পৰা আমাৰ দুয়োটা পৰিয়ালৰ মাজত ভাল সম্পর্ক আছিল৷ গগৈৰ বিয়োগত আমি এজন ভাল অভিভাৱক, ভাল মুৰব্বী হেৰুৱালোঁ৷ গগৈৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷
জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ শোক
অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ এক শোকবার্তাত যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি ৰাণা প্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে বিশিষ্ট আইনজীৱী, প্রাক্তন কেন্দ্রীয় মন্ত্রী, লোকসভাৰ সাংসদ তথা একেৰাহে তিনিটা কার্যকালৰ বাবে মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰা সদ্যপ্রয়াত তৰুণ গগৈ অসমৰ ৰাজনৈতিক জগতখনৰ এক ভোটাতৰা৷
আলফা (স্বাঃ)ৰ শোক প্রকাশ
প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে আলফা (স্বাঃ)–এ৷ এক শোকবার্তাত সংগঠনটোৱে কয় যে গগৈৰ বিয়োগত ব্যথিত হৈছে আলফাৰ প্রতিজন সদস্য৷
মইনা পাৰিজাতৰ শোক
অসমৰ শিশুসকলৰ কল্যাণমূলক অনুষ্ঠান সদৌ অসম মইনা পাৰিজাতে প্রাক্তন মইনা তথা শিশুপ্রেমী প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷
তিনি দিনলৈ অর্ধনমিত থাকিব গণ সুৰক্ষা পার্টীৰ দলীয় পতাকা
প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই৷ সাংসদ শৰণীয়াই আজি তামুলপুৰত সাংবাদিকৰ আগত কয় যে প্রয়াত তৰুণ গগৈ অসমৰ ৰাজনৈতিক ক্ষেত্রৰ এগৰাকী সুদক্ষ তথা চিৰতৰুণ ৰাজনীতিক আছিল৷ প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ প্রতি গভীৰ শ্রদ্ধা জনাই তিনি দিনৰ বাবে গণ সুৰক্ষা পার্টীৰ প্রতিটো কার্যালয়তে দলীয় পতাকা অর্ধনমিত কৰাৰ লগতে বিটিচি নির্বাচনৰ প্রতিখন সভাতে এক মিনিট মৌনতা অৱলম্বন কৰা হ’ব বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে৷

You might also like