নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ শিক্ষা বিভাগৰ নির্দেশনাঃ মহাবিদ্যালয়ৰ সকলোবোৰ নিযুক্তি বন্ধ

  •  গঠন কৰা হ’ব নতুন নিযুক্তি ব’ৰ্ড
  • ব’ৰ্ড গঠন নোহোৱালৈ বন্ধ থাকিৰ পুনৰ নিযুক্তি

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অলপতে এটা নির্দেশযোগে মহাবিদ্যালয়ৰ সকলো নতুন নিযুক্তি বন্ধ ৰাখিছে৷ উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাই উচ্চ শিক্ষা সঞ্চালকলৈ প্রেৰণ কৰা এখন পত্রযোগে মহাবিদ্যালয়সমূহৰ নতুন নিযুক্তিৰ লগতে পদোন্নতিও পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব৷ উল্লেখ্য যে শেহতীয়াকৈ অসম বিধানসভাত উত্থাপন হৈছিল দ্য আসাম কলেজ এম্প্লয়িজ (প্রভিঞ্চিয়েলাইজেচন) (এমেণ্ডমেণ্ট) বিধেয়ক৷ এই বিধেয়কৰ জৰিয়তে মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, সহকাৰী অধ্যাপকৰ লগতে আন নিযুক্তিসমূহৰ ক্ষেত্রত ৰাজ্য চৰকাৰে এখন নিযুক্তি ব’ৰ্ড গঠন কৰাৰ কথা উল্লেখ কৰিছে৷

আসাম কলেজ ছার্ভিচেছ ৰিক্রুইটমেণ্ট ব’ৰ্ড শীর্ষক এই নিযুক্তি ব’ৰ্ডৰ জৰিয়তে মহাবিদ্যালয়ত সকলোধৰণৰ নিযুক্তি আৰু পদোন্নতিৰ ব্যৱস্থা কৰা হ’ব৷ বিধানসভাত এই বিধেয়ক উত্থাপনৰ পিছতে উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহলৈ নির্দেশনা প্রেৰণ কৰি নতুন নিযুক্তি আৰু পদোন্নতি বন্ধ কৰিছে৷ শিক্ষা বিভাগৰ সূত্র অনুসৰি এই বিধেয়ক গৃহীত হোৱাৰ পিছতে গঠন হ’বলগীয়া নিযুক্তি ব’র্ডে মহাবিদ্যালয়সমূহৰ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিব৷ কার্যতঃ এতিয়াৰে পৰা নিযুক্তি প্রক্রিয়াত মহাবিদ্যালয় কর্তৃপক্ষৰ কোনো ভূমিকা নাথাকিব৷

You might also like