নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ বিৰুদ্ধে আমিনুল ইছলামৰ কথা কোৱাৰ অধিকাৰ নাই

মহাজোঁটত অথন্তৰ এইবাৰ ইউডিএফক হুংকাৰ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অথন্তৰে যেন লগ এৰা নাই কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক৷ সময়ে সময়ে আসন বুজাবুজিক লৈ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত সম্পর্ক অতি তিক্ততাপূর্ণ হৈ পৰাৰ সমান্তৰালভাৱে শেহতীয়াকৈ ‘কা’ৰ বিৰোধিতা কৰাক কেন্দ্র কৰি দুই দলৰ মাজত আৰম্ভ হৈছে সংঘাত৷ এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ‘কা’ক লৈ কংগ্রেছে দুমুখীয়া নীতি গ্রহণ কৰাৰ গুৰুতৰ অভিযোগ কৰি প্রয়োজনত কংগ্রেছৰ সৈতে তেওঁলোকে মিত্রতা ভংগৰো হুংকাৰ দিয়ে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া শিৱসাগৰ ভ্রমণৰ সময়ত জনসভাত কংগ্রেছ নেত্রী সুস্মিতা দেৱে ‘কা’বিৰোধী গামোচা পৰিধান নকৰাৰ প্রসংগৰ আঁত ধৰি এ আই ইউ ডি এফৰ বিধায়কজনে এই সম্পর্কত কংগ্রেছৰ পৰা স্পষ্টীকৰণ বিচৰাৰ লগতে সুস্মিতা দেৱক দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰে৷ এ আই ইউ ডি এফৰ বিধায়কগৰাকীৰ সেই ভাষ্যৰ পাছতেই সৰৱ হৈ পৰিছে কংগ্রেছ দল৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী তথা প্রাক্তন সাংসদ সুস্মিতা দেৱে কয় যে কংগ্রেছ দলে কোনো জাতি–ধর্মক লৈ ৰাজনীতি নকৰে৷ কংগ্রেছে সকলো জাতি–জনগোষ্ঠী–ধর্ম সমদৃষ্টিৰে চায়৷ কংগ্রেছ দলৰ সংবিধান সকলো কংগ্রেছীয়ে মানি চলে৷ এগৰাকী কংগ্রেছ সদস্য হিচাপে তেওঁ নিজেও দলৰ সংবিধান মানি চলে৷ সেইদৰে কংগ্রেছৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ প্রদ্যুৎ বৰদলৈয়ে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছ দলে ‘কা’ৰ বিৰোধিতা কৰি আহিছে৷ দলৰ সেই স্থিতি অতি স্পষ্ট৷ তদুপৰি কংগ্রেছ দলৰ হৈ আমিনুল ইছলামৰ কথা কোৱাৰ কোনো অধিকাৰ নাই বুলি সাংসদ বৰদলৈয়ে স্পষ্ট কৰি দিয়ে৷

ইপিনে মহাজোঁটত আসন বুজাবুজিক লৈ কংগ্রেছৰ সৈতে এ আই ইউ ডি এফৰ জটিলতা চলি থকাৰ সময়তে অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাৰে আসন বুজাবুজিৰ ক্ষেত্রতো ক্রমাৎ জটিলতা বৃদ্ধি পাইছে৷ সাংসদ অজিত কুমাৰ ভূঞাই জানিবলৈ দিয়া মতে, কংগ্রেছৰ সৈতে তেওঁলোকৰ হোৱা বৈঠকত তেওঁ নিজেই ১০টা সমষ্টিৰ বাবে প্রার্থী তালিকা দাখিল কৰিছে৷ সেই প্রাৰম্ভিক আলোচনাত তেওঁৰ সৈতে কংগ্রেছৰ ৰিপুণ বৰা, ৰকিবুল হুছেইন আৰু ভার্চুৱেলযোগে দেৱব্রত শইকীয়া উপস্থিত আছিল৷ আঞ্চলিক গণ মর্চাই বিচৰা ১০টা সমষ্টিৰ কোনো এটা সমষ্টিয়ে বর্তমান কংগ্রেছৰ দখলত নাই৷ কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা মতে, আঞ্চলিক গণ মর্চাই বিচৰা সমষ্টিক লৈও কংগ্রেছ এতিয়ালৈ সহমতত উপনীত হ’ব পৰা নাই৷ কংগ্রেছৰ দখলত নথকা সমষ্টি হ’লেও সেইবোৰ সমষ্টিত এইবাৰ কংগ্রেছৰ স্থিতি যথেষ্ট মজবুত৷ আঞ্চলিক গণ মর্চাই বিচৰা সমষ্টিসমূহৰ ভিতৰত বটদ্রৱা সমষ্টিও আছে৷ কিন্তু যোৱা বিধানসভা নির্বাচনত বটদ্রৱাত কংগ্রেছে ৬০০ৰো কম ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল৷

তদুপৰি যোৱা লোকসভা নির্বাচনৰ সময়ত বটদ্রৱাত কংগ্রেছৰ ভোট যথেষ্ট বৃদ্ধি পাইছে৷ সেয়ে বটদ্রৱা সমষ্টি কংগ্রেছে এৰি দিয়াৰ মুঠেই পক্ষপাতী নহয়৷ আনবোৰ সমষ্টিৰ ক্ষেত্রতো তেনে জটিলতাই দেখা দিছে৷ ইপিনে কংগ্রেছ দলে ১২৬টা সমষ্টিৰ বাবে প্রার্থিত্বপ্রত্যাশীৰ পৰা আবেদন গ্রহণৰ আজি অন্তিম দিন৷ আজি বিয়লিপর্যন্ত মুঠ ৬৫৫গৰাকীৰো অধিক কংগ্রেছীয়ে প্রার্থিত্ব বিচাৰি আবেদন কৰিছে৷ আনকি এ আই চি চিৰ সম্পাদক তথা বিহপুৰীয়া সমষ্টিৰ প্রাক্তন বিধায়ক ভূপেন বৰা এইবাৰ দলৰ পৰাই প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ ২০০৬ চন আৰু ২০১১ চনত বিহপুৰীয়াক প্রতিনিধিত্ব কৰা বৰা ২০১৬ চনৰ নির্বাচনত পৰাজিত হয়৷ এইবাৰ পুনৰ বৰাই বিহপুৰীয়াৰ পৰা প্রার্থিত্ব বিচাৰি আবেদন কৰে৷ কালিলৈকে সমষ্টিটোত ভূপেন বৰাই একমাত্র প্রার্থিত্বৰ দাবীদাৰ আছিল৷ কিন্তু আজি প্রার্থিত্বৰ বাবে আবেদন কৰা অন্তিম দিনটোত প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত বিহপুৰীয়া মণ্ডল, ব্লক আৰু জিলা পর্যায়ৰ নেতৃত্বৰ উপস্থিতিত নৱজিৎ বৰা নামৰ যুৱনেতা এজনে বিহপুৰীয়াৰ পৰা প্রার্থিত্ব বিচাৰি আবেদন কৰে৷ সমষ্টিটোৰ পৰা অহা কংগ্রেছ নেতা–কর্মীসকলৰ মতে, যোৱা লোকসভা নির্বাচনৰ সময়ত বিহপুৰীয়াত কংগ্রেছে ১৮ হাজাৰ ভোট কমকৈ পাইছে বিজেপি প্রার্থী পল্লৱলোচন দাসৰ লগত৷ সেয়ে তেওঁলোকে এইবাৰ ভূপেন বৰাক লৈ ৰিস্ক ল’ব বিচৰা নাই৷ তাৰ বাবেই তেওঁলোকে নতুন মুখ বিচাৰিছে৷

You might also like