নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপক ৪০ আসন নিদিয়ে বিজেপিয়ে

মিত্রজোঁটত সমষ্টিৰ অংকত জটিলতা

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ মিত্রজোঁটৰ আসন বুজাবুজিৰ অংকত জটিলতা অব্যাহত আছে৷ মূলতঃ মিত্রদল অগপই বর্তমান দখলত থকা ১৪টা সমষ্টিৰ লগতে মুঠ ৪০টা সমষ্টিত প্রার্থিত্ব আগবঢ়াবলৈ গ্রহণ কৰা তৎপৰতাই সেই জটিলতা সৃষ্টি কৰিছে৷ অগপ নেতৃত্বৰ তেনে স্থিতিৰ বিপৰীতে বিজেপিয়ে অগপক কোনো পৰিস্থিতিতে ৪০টা সমষ্টি এৰি নিদিয়ে৷ প্রয়োজনত বিজেপিয়ে অগপৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷ তথাপি অগপই বিচৰা ধৰণে ৪০টা সমষ্টি তেওঁলোকক এৰি দিবলৈ গেৰুৱা দলটো ৰাজী নহয়৷ ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভাষ্যতেই স্পষ্ট হৈ উঠিছে সেই ছবিখন৷ বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয়– অগপই ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে৷ প্রতিদ্বন্দ্বিতা কৰাত আমি বাধা নিদিওঁ৷ তেওঁলোকক প্রতিদ্বন্দ্বিতা কৰিব নালাগে বুলি আমি মানা নকৰোঁ৷ কিন্তু ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰিলে বিভিন্ন ঠাইত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব৷ আসন বুজাবুজিৰ ক্ষেত্রত বিজেপিৰ স্থিতি স্পষ্ট কৰি দি মন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ বাস্তৱ পৰিস্থিতি আৰু ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিজেপিয়ে বুজাবুজিৰে মিত্রদল অগপক সমষ্টি এৰি দিব৷ কিন্তু তেওঁলোকে ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰিলে বহু সমষ্টিত দুয়ো দলৰ মাজত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব৷

মন্ত্রী ড০ শর্মাৰ এই ভাষ্যৰ লগে লগে অগপই যে আশা কৰা ধৰণে এইবাৰ নির্বাচনত ৪০টা সমষ্টি মিত্রজোঁটৰ পৰা লাভ নকৰে, সেয়া স্পষ্ট হৈ পৰিল৷ ইয়াৰ লগে লগে বিগত দিনসমূহত অগপই জাতীয় ঐক্য সমাৰোহ, জাতীয় ঐক্য সন্মিলন, সতীর্থ সন্মিলন আদিৰ জৰিয়তে বর্তমান বিজেপিৰ দখলত থকা পলাশবাৰী, যোৰহাট, খুমটাই, চাবুৱা, শদিয়া, বিহপুৰীয়া, বিশ্বনাথ আদি সমষ্টিত সংগঠন শক্তিশালী কৰি অনাগত নির্বাচনত লাভ কৰাৰ যি আশা কৰিছিল, তাত চেঁচাপানী পৰিল বুলিব পাৰি৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে অগপৰ সাধাৰণ সম্পাদক বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, উৎপল দত্ত, সত্যব্রত কলিতা আদিকে ধৰি বহুকেইগৰাকী নেতাই আগন্তুক বিধানসভা নির্বাচনত বর্তমান তেওঁলোকৰ দখলত থকা ১৪টা সমষ্টিৰ লগতে বিজেপিকে ধৰি কংগ্রেছ–এ আই ইউ ডি এফৰ দখলত থকা ৪০টা সমষ্টি তেওঁলোকক এৰি দিব লাগিব বুলি দাবী কৰি আহিছে৷ আনকি অগপৰ সভাপতি অতুল বৰায়ো বিভিন্ন সময়ত অগপ জয়ী হৈ অহা মুঠ ৮০টা সমষ্টিৰ ভিতৰত ৪০টা সমষ্টি এইবাৰ তেওঁলোকে বিচাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰি আহিছে৷

বুধবাৰে মন্ত্রী ড০ শর্মাই অগপৰ এই আশাত চেঁচাপানী ঢ়ালি প্রকাশ্যে তেওঁলোকক ৪০টা সমষ্টি এৰি নিদিয়াৰ বিষয়ে প্রকাশ কৰে৷ প্রয়োজনত তেওঁলোকে অগপৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷ এনে পৰিস্থিতিত অগপ নেতৃত্বই ৪০টা সমষ্টি বিচৰাৰ স্থিতিত অটল থাকি গৰিষ্ঠসংখ্যক সমষ্টিত বিজেপিৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হয়নে, সেই স্থিতি পৰিত্যাগ কৰি বাস্তৱ পৰিস্থিতি আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মিলা–মিছাৰে আসন বুজাবুজি কৰে, সেয়াহে অনাগত দিনত লক্ষণীয় হ’ব৷ এক কথাত ক’বলৈ গ’লে আসন বুজাবুজিৰ সময়ত অগপ এইবাৰ আন এক অগ্ণি পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব৷ কিয়নো দলটোৰ ভিতৰচ’ৰাত ইতিমধ্যে বিগত বিধানসভা নির্বাচনৰ তুলনাত এইবাৰ অধিক আসন বিচৰাৰ দাবী জোৰদাৰ হৈ উঠিছে৷ দলৰ ভিতৰচ’ৰাত চলা তেনে তৎপৰতাৰ অংশ হিচাপেই ১৯৮৫ চনৰ পৰা বিভিন্ন সময়ত দলে দখল কৰিবলৈ সক্ষম হোৱা সমষ্টিসমূহ বিজেপিক এৰি নিদিয়াৰ দাবী উঠিছে অগপৰ মজিয়াত৷

এইক্ষেত্রত বিলাসীপাৰা পূব সমষ্টিৰ তিনিটাকৈ কার্যকালৰ প্রাক্তন বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা প্রশান্ত বৰুৱাই ইতিমধ্যে উক্ত সমষ্টিটো এইবাৰ বিজেপিক এৰি নিদিয়াৰ হুংকাৰ দিছে৷ প্রাক্তন বিধায়কগৰাকীৰ মতে, এইবাৰ সমষ্টিটোত বিজেপিয়ে ধর্মীয় সংখ্যালঘুৰ ভোট লাভ নকৰিব৷ কিন্তু সমষ্টিটো অগপক এৰি দিলে সংখ্যালঘু সম্প্রদায়ৰ ভোট অগপৰ পক্ষত আহিব৷ অথচ সেই সমষ্টিটো বর্তমান বিজেপিৰ অশোক সিংঘীৰ দখলত আছে৷ একেদৰে অগপৰ দখলত থকা বঢ়মপুৰ, তেজপুৰ, লখিমপুৰ, কমলপুৰ, পাটাছাৰকুছি আদি সমষ্টিত এইবাৰ বিজেপিৰ চকু পৰিছে৷ সেয়ে অগপ–বিজেপিৰ আসন বুজাবুজিৰ বিষয়টো যে যথেষ্ট জটিল হ’ব, সেয়া উলাই কৰিব নোৱাৰি৷

You might also like