নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মোদীয়ে কৰিব আধাৰশিলা–ভূমিপূজন

মাজুলী–যোৰহাট, ধুবুৰী–ফুলবাৰীত দলং

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ পথ যোগাযোগৰ ইতিহাসত আজিৰ দিনটো এক ঐতিহাসিক দিন৷ কিয়নো আজিৰ দিনটোতে আৰম্ভ হ’ব আন এক আন্তঃগাঁথনিৰ কাম৷ যোৰহাট আৰু মাজুলীৰ মাজত নির্মাণ হ’বলগীয়া দলংখনৰ আধাৰশিলাৰ লগতে ধুবুৰী আৰু ফুলবাৰীৰ মাজত দলঙৰ আধাৰশিলা কাইলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভার্চুৱেল মাধ্যমেৰে সম্পন্ন কৰিব৷ বহুপ্রত্যাশিত মাজুলী–যোৰহাট সংযোগী দলংখনৰ ভার্চুৱেলী শুভাৰম্ভ হ’ব পুৱা ৯.৩০ বজাত৷ আজিৰ দক্ষিণপাটৰ ব্রহ্মপুত্রৰ পাৰত অনুষ্ঠিত হ’বলগীয়া ভূমি পূজন কার্যসূচীত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰি উপস্থিত থাকিব৷

দলংখনৰ ভূমি পূজনৰ প্রাক্সন্ধিয়া বুধবাৰে মাজুলীৰ প্রতিখন সত্র, নামঘৰৰ লগতে প্রতিঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে বন্তি প্রজ্বলন কৰিব৷ তদুপৰি মাজুলীৰ দুই শতাধিক গাঁৱৰ নামঘৰত ভকত–বৈষ্ণৱসকলে নাম–প্রসংগ অনুষ্ঠিত কৰি ভূমি পূজন কার্যসূচী সফল কামনা কৰি ঈশ্বৰৰ ওচৰত প্রার্থনা জনায়৷ ইপিনে অহা ২২ ফেব্রুৱাৰীত প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণৰ প্রসংগত বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে সেই দিনা প্রধানমন্ত্রীয়ে তেল আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ লগতে ধেমাজি ইঞ্জিনীয়াৰিং কলেজখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব৷ সেইদৰে শুৱালকুছি ইঞ্জিনীয়াৰিং কলেজৰো আধাৰশিলা প্রধানমন্ত্রী মোদীয়ে ভার্চুৱেল ৰেলীযোগে সম্পন্ন কৰিব৷

You might also like