নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটী পাবহি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ৮ মে’ : আজি নিশাৰ ভাগতে গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক আদৰিবৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নিশা ১০ বজাত বৰঝাৰ বিমানকোঠত উপস্থিত হ’ব৷ আজিৰ নিশাটো কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত কটাব৷ অহা ৯ মে’ৰ পুৱাৰ ভাগতে তেওঁ মানকাচৰত উপস্থিত হৈ ভাৰত–বাংলাদেশ সীমান্ত অঞ্চল পৰিদর্শন কৰিব৷ তাৰ পাছত তেওঁ তামুলপুৰত আন এক কার্যসূচীত অংশ ল’ব৷

তামুলপুৰৰ পৰা তেওঁ আমিনগাঁৱলৈ আহিব আৰু সন্ধিয়া ৬ বজাত জি এম চি এইচত উপস্থিত হৈ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ শুভাৰম্ভ কৰিব৷ নিশাটো তেওঁ কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত কটাব৷ ১০ মে’ৰ দিনা তেওঁ ৰাষ্ট্রপতিৰ হৈ অসম আৰক্ষীক ৰাষ্ট্রপতিৰ পুলিচ কালাৰ সন্মান প্রদান কৰিব৷ তাৰ পাছত তেওঁ উলুবাৰীৰ আৰক্ষী অতিথিশালাত উপস্থিত হৈ দিনৰ আহাৰ গ্রহণ কৰিব৷ বিয়লিৰ ভাগত খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত বর্তমানৰ ৰাজ্য চৰকাৰৰ প্রথম বর্ষপূর্তি অনুষ্ঠানত অংশগ্রহণ কৰিব৷ তাৰ পাছতে কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত আইন–শৃংখলা সম্পর্কীয় এখন বৈঠকত ভাগ ল’ব৷

সন্ধিয়াৰ ভাগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ কেইবাটাও আন্তঃগাঁথনিৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্রহণ কৰিব আৰু সেই অনুষ্ঠানৰ পাছতেই নিশাৰ ভাগতেই নতুন দিল্লীলৈ উৰা মাৰিব৷

You might also like