নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতালৈ ‘অমূল্য কলিতা সোঁৱৰণী সাংবাদিক বঁটা’

ৰাজ্যখনৰ সাহিত্য, সংস্কৃতি, সংবাদ মাধ্যম, স্বাস্থ্য তথা সামাজিকভাৱে অৰিহণা যোগোৱা ব্যক্তিলৈ চলিত বৰ্ষৰ পৰা প্ৰতিবছৰে বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবে। আজি এখন সংবাদ মেলযোগে এই ঘোষণা আগবঢ়াইছে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি ফাইজুৰ ৰহমান আৰু সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই।

সেইমৰ্মে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতালৈ আগবঢ়োৱা হ’ব ‘অমূল্য কলিতা সোঁৱৰণী সাংবাদিক বঁটা ২০২৫’‌। ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক, সাংবাদিক প্ৰয়াত অমূল্য কলিতাৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে পৰিয়ালৰ সহযোগত প্ৰেছ ক্লাবে প্ৰতিবছৰে এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, ‘কামিনী তালুকদাৰ সোঁৱৰণী ঘগ্ৰাপাৰ গৌৰৱ বঁটা ২০২৫’ প্ৰদান কৰা হ’ব অঞ্চলটোৰ সু-সন্তান, বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কলিতাক। ঘগ্ৰাপাৰৰ ধৰ্মপ্ৰাণ মহিলা প্ৰয়াত কামিনী তালুকদাৰৰ স্মৃতিত পৰিয়ালে উছৰ্গা কৰা উক্ত বঁটা প্ৰতিবছৰে অঞ্চলটোৰ বিভিন্ন সামাজিক দিশত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব।

উল্লেখ্য যে অহা ২৮ জানুৱাৰীত প্ৰয়াত সাংবাদিক অমূল্য কলিতাৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি তথা ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ মুকলি সভাত বঁটা প্ৰদান কৰা হ’ব বুলি সংবাদ মেলযোগে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবে সদৰী কৰিছে। সংবাদ মেলত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি ফাইজুৰ ৰহমান, সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, সাংবাদিক শ্বাহ আলম আহমেদ, দ্বিজেন ডেকা, হামিদ আলী, বীৰেন কলিতা উপস্থিত থাকে।

 

নিয়মীয়া বাৰ্তা, নলবাৰী, ১৮ ডিচেম্বৰ :

You might also like