নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ লোকশিল্পী কৃষ্ণকান্ত নাথলৈ ৰাষ্ট্ৰীয় সন্মান, ওপজা ভূমিত উষ্ম আদৰণি

ছিপাঝাৰৰ দক্ষিণ চুবুৰি নিৱাসী এগৰাকী উদীয়মান লোকশিল্পী কৃষ্ণকান্ত নাথক প্ৰদান কৰা হৈছে ড০ বি আৰ আম্বেদকাৰ বঁটা। মূলতঃ অসমৰ এবিধ জনপ্ৰিয় লোককৃষ্টি নাগাৰা নামৰ পাঠক হিচাপে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপেই এই ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হৈছে যদিও কৃষ্ণকান্ত নাথ দৰঙৰ খুলীয়া ভাউৰীয়া, ঢেপাঢোল, মহৌখুন্দা আদি সৃষ্টিৰো এগৰাকী সাধক।

মাত্ৰ দুকুৰিৰ ডেওনা অতিক্ৰম কৰা যুৱ শিল্পীগৰাকীয়ে নাগাৰা নামৰ জৰিয়তে ৰাজ্যজুৰি জনপ্ৰিয় হৈ পৰিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ছিপাঝাৰৰ শিল্পীগৰাকীক এই সন্মান আগবঢ়োৱাৰ পিছত ওপজা ভূমি দক্ষিণ চুবুৰিত সৃষ্টি হৈছে আনন্দৰ বন্যা। শিল্পীগৰাকী নতুন দিল্লীৰ পৰা স্বগৃহত আহি উপস্থিত হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোঁৰাবান্ধৰ পৰা দক্ষিণ চুবুৰিৰ বাসগৃহলৈ আদৰি অনা হয়। ঢুলীয়া-তালুৱৈৰ সুৰীয়া পৰিৱেশৰ মাজেৰে আদৰি অনাৰ পিছত শিল্পীগৰাকীৰ গৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা। দক্ষিণ চুবুৰি ভাস্কৰ খুলীয়া ভাউৰীয়া দলৰ পৰিচালক তথা ছিপাঝাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা।

উক্ত অনুষ্ঠানত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে যুৱ শিল্পী কৃষ্ণকান্ত নাথক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ছিপাঝাৰৰ কেইবাগৰাকীও প্ৰবীণ আৰু নবীন শিল্পীয়ে উপস্থিত থাকি শিল্পীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে। কৃষ্ণকান্ত নাথেও বঁটাপ্ৰাপ্তিৰ আনন্দ আৰু অনুভৱ প্ৰকাশ কৰি সকলোৰে পৰা আশীৰ্বাদ কামনা কৰে।

 

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১৮ ডিচেম্বৰ :  

You might also like