নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংকিতা দত্তক প্রদেশ যুৱ কংগ্রেছৰ সভাপতি নিযুক্তি

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনিৰ পাছত কংগ্রেছ হাইকমাণ্ডে বৃহস্পতিবাৰে অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতিৰ দায়িত্ব অংকিতা দত্তক অর্পণ কৰে৷ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী আৰু কংগ্রেছ নেতা ৰাহুল গান্ধীৰ অনুমোদনমর্মে নিখিল ভাৰত যুৱ কংগ্রেছৰ সভাপতি শ্রীনিবাস বি ভিয়ে আজি এক নির্দেশযোগে অংকিতা দত্তক প্রদেশ যুৱ কংগ্রেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে৷ সেইদৰে ৰাতুল পাটোৱাৰীক প্রদেশ যুৱ কংগ্রেছৰ কার্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে৷

উল্লেখ্য যে প্রদেশ কংগ্রেছৰ প্রয়াত সভাপতি, প্রাক্তন মন্ত্রী অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা অংকিতা দত্তই যোৱা ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নির্বাচনত আমগুৰি সমষ্টিৰ পৰা কংগ্রেছ দলৰ প্রার্থী হিচাপে নির্বাচনত অৱতীর্ণ হৈছিল আৰু দুয়োবাৰে অগপ প্রার্থী প্রদীপ হাজৰিকাৰ হাতত সামান্য ভোটৰ ব্যৱধানত পৰাজিত হয়৷ সেইদৰে প্রদেশ যুৱ কংগ্রেছৰ কার্যকৰী সভাপতিৰ দায়িত্ব দিয়া ৰাতুল পাটোৱাৰী ২০২১ চনৰ বিধানসভা নির্বাচনত ধর্মপুৰ সমষ্টিত কংগ্রেছ দলৰ প্রার্থী হিচাপে নির্বাচনত অৱতীর্ণ হৈ বিজেপিৰ চন্দ্রমোহন পাটোৱাৰীৰ হাতত পৰাজিত হয়৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই যুৱ কংগ্রেছৰ নৱনিযুক্ত সভাপতি অংকিতা দত্তক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷

You might also like