নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্মীনাথ বেজবৰুৱা সংবাদ সেৱা বঁটা মনোজ কুমাৰ নাথলৈ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ সামাজিক–সাংস্কৃতিক অনুষ্ঠান অসম জাতীয় সংগীত প্রচাৰ আৰু প্রসাৰ সেৱাৰ উদ্যোগত অহা ১৮ ডিচেম্বৰত ৰবীন্দ্র ভৱনত দিনজোৰা কার্যসূচীৰে ১১১সংখ্যক অসম জাতীয় সংগীত ইতিহাস সামৰণী মহোৎসৱৰ আয়োজন কৰা হৈছে৷ বৃহস্পতিবাৰে গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰে মহোৎসৱ আয়োজক সমিতিৰ প্রধান সম্পাদক ৰাজীৱ হৰি কৌশিকে৷ এই সংবাদ মেলতে অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিভিন্ন ক্ষেত্রৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তি আৰু কেইবাটাও অনুষ্ঠানক মহোৎসৱত আনুষ্ঠানিকভাৱে স্মাৰক বঁটা প্রদান কৰা হ’ব৷

সংবাদ মেলত ৰাজীৱ হৰি কৌশিকে সদৰী কৰা অনুসৰি ২০২১ বর্ষৰ অসম জাতীয় সংগীত প্রেৰণাদায়িনী স্মাৰক বঁটা আগবঢ়োৱা হৈছে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰক, অসম জাতীয় সংগীত মন্দিৰ ৰাষ্ট্রীয় সংহতি স্মাৰক বঁটা আগবঢ়োৱা হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিক৷ অসম জাতীয় সংগীত মন্দিৰ স্মাৰক বঁটা আগবঢ়োৱা হৈছে গুৱাহাটীৰ শিশু সাৰথিক৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, সংবাদসেৱা স্মাৰক বঁটা তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে ক্রমে ‘নিয়মীয়া বার্তা’ৰ বার্তা সম্পাদক মনোজ কুমাৰ নাথ, ‘অসমীয়া প্রতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক মণি মহন্ত আৰু সাহিত্যিক প্রমোদ চন্দ্র ভট্টাচার্যলৈ৷

শ্রীকৃপাবৰ স্মাৰক বঁটা আগবঢ়োৱা হৈছে দৈনিক অসম প্রাইভেট লিমিডেটক আৰু অসমৰ জাতীয় সংগীত প্রচাৰ আৰু প্রসাৰ সেৱা দলৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে বিশেষভাৱে সক্ষম লোকৰ বাবে কাম কৰি অহা সহায়িকা নামৰ অনুষ্ঠানটোক৷ অহা ১৮ ডিচেম্বৰত ৰবীন্দ্র ভৱনত অনুষ্ঠিত হ’বলগীয়া অসমৰ জাতীয় সংগীত ইতিহাস সামৰণী মহোৎসৱত আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰা হ’ব৷ উক্ত অনুষ্ঠানতে ১১১ বছৰীয়া অসমৰ জাতীয় সংগীতৰ ইতিহাসৰ ওপৰত তথ্য সহকাৰে লিখি উলিওৱা ৯০০ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ গ্রন্থখন উন্মোচন কৰা হ’ব৷ মহোৎসৱৰ সামৰণী অনুষ্ঠানত ৰাইজৰ সহায়–সহযোগিতা আৰু উপস্থিতি শ্রদ্ধাৰে কামনা কৰিছে উদ্যোক্তাসকলে৷

You might also like