নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বড়ো জাতীয় পৰিষদৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম জনগোষ্ঠী বড়োসকলৰ জাতীয় সংগঠন বড়ো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ বকো-বনগাঁও পৰিষদৰ অধিবেশন সম্পন্ন হয়। উল্লেখ্য যে আজি বকো থানাৰ অন্তৰ্গত ষষ্ঠপুৰত বড়ো জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় ৬৫ সংখ্যক বাৰ্ষিক অধিবেশন। বকো বনগাঁও মৌজা বড়ো জাতীয় পৰিষদ ; বকো বনগাঁও বড়ো কৃষ্টি সংঘ আৰু বকো বনগাঁও প্ৰাথমিক বড়ো সাহিত্য সভা যৌথ সহযোগত অনুষ্ঠিত হয় অধিবেশনখন। ইফালে বকো বনগাঁও বড়ো কৃষ্টি সংঘৰ সম্পাদক নিৰণ খাখলাৰী আৰু বকো বনগাঁও মৌজা বড়ো জাতীয় পৰিষদৰ সম্পাদক কেশৱ বড়োই জানিব দিয়া মতে তিনি সংসঠনৰ পতাকা উত্তোলন কৰে সংগঠন কেইটাৰ সভাপতি ক্ৰমে অমূল্য বড়ো; জগদীশ বড়ো আৰু বিষ্ণু বড়োই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আৰু দুপৰীয়া প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ উপস্থিত থাকে ৰাভা হাছং স্বাঃশাঃপৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত চন্দ্ৰ ৰাভা আৰু নগৰমল স্বৰ্গীয়াৰী। কাৰ্য্যসুচীত বকো বনগাঁও অঞ্চলৰ বহু সংখ্যক বড়ো জনগোষ্ঠীৰ লগতে তিনি সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকে। অধিবেশন মুকলি সভাত জনগোষ্ঠীটোৰ ভিন্ন সমস্যা সমাধানৰ ওপৰত আলোকপাত কৰে আৰু জাতীয় স্বাৰ্থত সমন্বয়ৰে আগবাঢ়ি যোৱাৰ সংকল্প লয়।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like