নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত অংগনৱাড়ী কেন্দ্র পৰিদৰ্শন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

বিশেষ বাৰ্তা, ৩০ জানুৱাৰী: মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ মাৰ্ঘেৰিটা উন্নয়নখণ্ডৰ অন্তৰ্গত টেকেৰী ব্লক ২নং অমৃত সৰোবৰ আচঁনি পৰিদৰ্শন কৰি আচঁনিৰ কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। মন্ত্ৰী পৰিমল শুক্লবদ্যই অমৃত সৰোবৰ আচঁনিৰ কাম যাতে উন্নত মানদণ্ডৰ হয় আৰু কোনোধৰণৰ বেমেজালি নহয় তাৰ বাবে যাৱতীয় পদক্ষেপ লবলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে টেকেৰী ৰাইডাং অংগনৱাড়ী কেন্দ্র পৰিদৰ্শন কৰি কেন্দ্রটোত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি তথা উপস্থিতিৰ বিষয়ে বুজ লয়। অংগণৱাডী কেন্দ্রটোৰ ৰান্ধনীশাল পৰিদৰ্শন কৰি কণকণ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে নে নাই বুজ লয় লগতে অংগনৱাড়ী কেন্দ্রটোৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে। আনহাতে, মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ টেকেৰী প্ৰাথমিক বিদ্যালয়ো মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, কাৰ্য্যালয়কক্ষ তথা ৰান্ধনীশাল পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।

প্ৰেৰক বিবেক বড়া

You might also like