নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনত অংশ লওক সংবাদ গোষ্ঠীয়েঃ ৰাকেশ টিকাইট

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত সংযুক্ত কিষাণ মর্চাই আহ্বান জনোৱা ভাৰত বন্ধ সফল হোৱাৰ পিছত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কৃষকৰ আন্দোলনত দেশৰ সংবাদ গোষ্ঠীক অংশ ল’বলৈ আহ্বান জনাইছে৷

ছত্তিশগড়ৰ ৰায়পুৰত এক কৃষকৰ কার্যসূচীত অংশ লোৱা ৰাকেশ টিকাইটে সাংবাদিকৰ আগত কয় যে– প্রত্যেকেই আমাৰ আন্দোলনৰ সৈতে যোগ দিয়া উচিত৷ পৰৱর্তী লক্ষ্য হ’ব দেশৰ সংবাদ গোষ্ঠী৷ যদি তেওঁলোকে নিজকে ৰক্ষা কৰিব বিচাৰে, তেনেহ’লে কৃষকৰ আন্দোলনত যোগ দিব লাগিব৷ অন্যথা তেওঁলোকো ক্ষতিৰ সন্মুখীন হ’ব৷

মন কৰিবলগীয়া যে ২৭ ছেপ্ঢেম্বৰত কেন্দ্রীয় চৰকাৰে তিনি কৃষি আইন বলবতৰ প্রথম বার্ষিকীৰ দিনাই সংযুক্ত কিষাণ মর্চাই ভাৰত বন্ধৰ আহ্বান জনাইছিল৷ এই ভাৰত বন্ধৰ সময়ত দেশৰ কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱন ব্যাহত হৈছে৷ বন্ধৰ সফলতাৰ দাবী কৰি ৰাকেশ টিকাইটে কৃষকৰ আন্দোলন চৰকাৰৰ সৈতে পাৰস্পৰিক বুজাবুজিৰ মাজেৰে সমাপ্ত হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ আদালতৰ হস্তক্ষেপত এই কৃষকৰ আন্দোলন সমাপ্ত নহয় বুলি ঘোষণা কৰে৷ তাৎপর্যপূর্ণ যে সংবাদ গোষ্ঠীক আন্দোলনত যোগ দিয়াৰ আহ্বান ৰাকেশ টিকাইটে কৰিছে৷

You might also like