নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষত ইংলেণ্ডত টেষ্ট খেলিব টীম ইণ্ডিয়াই

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ অহা বর্ষৰ ইংলেণ্ড ভ্রমণৰ সময়ছোৱাত সীমিত অভাৰ শৃংখলাৰ সৈতে এখন টেষ্ট খেলিব টীম ইণ্ডিয়াই৷ মানচেষ্টাৰত শেহতীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ভাৰত–ইংলেণ্ডৰ পঞ্চম তথা অন্তিম টেষ্ট ক’ৰোনাৰ প্রাদুর্ভাৱৰ বাবে বাতিল হোৱাত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা ইংলেণ্ড ক্রিকেট ব’ৰ্ডক সকাহ দিবলৈ বি চি চি আয়ে ২০২২ৰ জুলাই–আগষ্টৰ ভ্রমণত ভাৰতে এখন টেষ্ট খেলিব বুলি ঘোষণা কৰিছে৷

অৱশ্যে এই মেচখন বাতিল হোৱা পঞ্চম টেষ্ট হিচাপে গণ্য কৰা হ’বনে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ অৱশ্যে বি চি চি আইৰ এক সূত্রই আজি সদৰী কৰা অনুসৰি ভাৰতে অহা বর্ষৰ ইংলেণ্ড ভ্রমণৰ সময়ছোৱাত খেলিবলগীয়া এখন টেষ্টক শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্ট হিচাপে গণ্য কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

ইংলেণ্ড ভ্রমণত ভাৰতে খেলিবলগীয়া টি–২০ শৃংখলাৰ দুখন মেচ হ্রাস কৰি এই টেষ্ট মেচখন খেলোৱা হ’ব বুলি ব’ডৰ সূত্রটোৱে জানিবলৈ দিছে৷ মন কৰিবলগীয়া যে ভাৰতীয় শিবিৰত হঠাতে বৃদ্ধি পোৱা ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি মানচেষ্টাৰ টেষ্ট হঠাতে বাতিল কৰা হয়৷ ভাৰতে ২–১ৰ ব্যৱধানত আগবাঢ়ি থকা শৃংখলাটো অসম্পূর্ণ হৈ আছে আৰু বি চি চি আয়ে বাতিল হোৱা মেচখন পুনৰ অনুষ্ঠিত কৰিব বুলি ইংলেণ্ড ক্রিকেট ব’ডক আশ্বাস দিছে৷

You might also like