নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক সভাপতি প্ৰদীপ দেৱান; এক লাখ টকা এককালীন সাহায্য মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক সভাপতি প্ৰদীপ দেৱান এতিয়া ৰোগাক্ৰান্ত ৷ জটিল যকৃত ৰোগত আক্ৰান্ত হৈ ঘৰৰ ভিতৰতে আৱদ্ধ ৷ যোৰহাট অভিযান্ত্ৰীক বিদ্যালয়ৰ পৰা টপাৰ হিচাবে সফল শিক্ষা লোৱা দেৱান ৭১/৭২ চনৰ আছুৰ প্ৰতিস্থাপক সভাপতিৰ দ্বায়িত্ব সফলতাৰে পালন কৰিছিল ৷

৭২ ৰ মাধ্যম আন্দোলনৰ নেতৃত্বত আছিল এইগৰাকী আছু নেতা ৷ পত্নী অৰ্পণা দেৱান আৰু দুগৰাকী জীয়ৰীৰে দেৱানৰ ঘৰ ৷ যকৃতৰ জটিল ৰোগত আছুৰ প্ৰতিস্থাপক নেতা গৰাকী আক্ৰান্তৰ খৱৰ পোৱাৰ পাছতে ফোনযোগে মুখ্যমন্ত্ৰীয়ে কথাপাতি স্বাস্থ্যৰ বুজ লয় ৷ আজি মুখ্যমন্ত্ৰীৰ নিদেশত তিনিচুকীয়া জিলা প্ৰশাসনে দেৱানৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰো বুজ লোৱাৰ লগতে এক লাখ টকা এককালীন সাহায্য আগবঢ়াই ৷

You might also like