নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱিকা সখীৰ অমনোযোগিতাত মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত ১৮গৰাকী মহিলা

🔹 উজনি মাজুলীত বিধায়কক ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী মহিলাৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে ন ন আঁচনি গ্ৰহণ কৰি আহিছে ৷ শেহতীয়াকৈ ৰাজ্যত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ লগতে ১৯ জানুৱাৰীত মাজুলীতো ২৫ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হয় ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত গ্ৰাম্য সংগঠনৰ অধীনৰ গোটৰ সদস্যসকলে লাখপতি বাইদেউৰ এই প্ৰথম পৰ্যায়ৰ প্ৰ-পত্ৰ লাভ কৰিলে যদিও মাজুলীৰ বহুকেইটা আত্মসহায়ক গোটৰ সদস্য এই সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে, একাংশ জীৱিকা সখীৰ সৈতে সু-সম্পৰ্ক নথকাৰ বাবেই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হৈছে আত্মসহায়ক গোটৰ সদস্যা ৷ অভিযোগ অনুসৰি, ৰতনপুৰ গায়ন গাঁও পঞ্চায়তৰ সঞ্জীৱনী জনকল্যাণ মহিলা আত্মসহায়ক গোটৰ ১০গৰাকী সদস্যা আৰু কঠমীয়া-কঁঠালখোৱা কনকলতা আত্মসহায়ক গোটৰ ৮গৰাকী গোটৰ সদস্যা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷ প্ৰ-পত্ৰ লাভ নকৰাৰ আঁৰত কি আছে, এই সম্পৰ্কে এই প্ৰতিবেদকে খণ্ড সমন্বয়কগৰাকীৰ পৰা জানিব বিচৰাত কয় যে জীৱিকা সখীসকলে এম আই এছত অন্তৰ্ভুক্ত হৈ থকা যিসকল মহিলাৰ নাম আমাৰ কাৰ্যালয়ত প্ৰদান কৰিছিল, তেওঁলোক সকলোৱেই মুখ্যমন্ত্ৰীৰ এই বিশেষ আঁচনিৰ প-পত্ৰ লাভ কৰিছে ৷ সঞ্জীৱনী জনকল্যাণ আৰু কঠমীয়া-কঁঠালখোৱাৰ কনকলতা আত্মসহায়ক গোট দুটাৰ নাম জীৱিকা সখীয়ে কিয় তালিকাত নিদিলে, সেই সম্পৰ্কে মই অৱগত নহয় ৷ এই গোট দুটা কিয় আজি পৰ্যন্ত গ্ৰাম্য সংগঠনৰ অন্তৰ্ভুক্ত নহ’ল, সেয়া জীৱিকা সখীয়েহে ক’ব পাৰিব বুলি কয় ৷ উল্লেখ্য যে এই সমন্বয়কগৰাকীৰ বক্তব্যৰ পৰাই ধাৰণা হয় যে কোনো অজ্ঞাত কাৰণত ৰতনপুৰ গায়নৰ বৰা আৰু দত্ত বৰা উপাধিৰ জীৱিকা সখী দুগৰাকীয়ে নিজ খেয়ালখুচিৰে কাম সম্পাদন কৰাৰ বাবেই এই দুটাকৈ গোটৰ ১৮গৰাকীকৈ মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ’ব লগা হয় ৷ ইফালে, এই সম্পৰ্কে এগৰাকী জীৱিকা সখীৰ পৰা এইদৰে মহিলাসকল বঞ্চিত হোৱাৰ কাৰণ জানিব বিচৰাত আত্মসৰ্মথনত মন্তব্য কৰি বিষয়টোৰ পৰা ফালৰি কটা পৰিলক্ষিত হয় ৷ আনহাতে, কঠমীয়া-কঁঠালখোৱা আত্মসহায়ক গোটটো ২০০৭ চনতেই খোলা হৈছিল যদিও কিছু বছৰ চলোৱাৰ পিছত নিষ্ক্ৰিয় হৈ পৰিছিল। পুনৰ ২০২৩ চনৰ আগষ্ট মাহত ৮গৰাকী নতুন সদস্যৰে গোটটো পুনৰ সক্ৰিয় কৰা হয় ৷ ২১ ছেপ্টেম্বৰত জীৱিকা সখী ৰুলী দত্ত বৰাৰ উপস্থিতিত গোটৰ সভা অনুষ্ঠিত কৰাৰ লগতে গ্ৰাম্য সংগঠনত অন্তৰ্ভুক্ত কৰা আৰু গোটত সংযোগ হোৱা নতুন সদস্যসকলক লোক অপাৰেচন এপছত অন্তৰ্ভুক্ত কৰি এম আই এছত আপডেট কৰাৰ দায়িত্ব লোৱাৰ পিছতো আজি পৰ্যন্ত কি গ্ৰাম্য সংগঠন, কি এম আই এছ ক’তো অন্তৰ্ভুক্ত নকৰিলে, যাৰ ফলত গোটটোত অন্তৰ্ভুক্ত হোৱা নতুন আঠগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ’ব লগা হ’ল ৷ ঠিক একেদৰে সঞ্জীৱনী জনকল্যাণ মহিলা আত্মসহায়ক গোটটো ২০১০ চনতেই গঠন কৰা হৈছিল বুলি গোটৰ সভানেত্ৰী ৰীণা শইকীয়াই আমাক জানিবলৈ দিয়ে ৷ এই গোটটো গ্ৰাম্য সংগঠনৰ সৈতে জড়িত আছিল যদিও পৰৱৰ্তী সময়ত গ্ৰাম্য সংগঠনৰ পৰা জীৱিকা সখীৰ কিছু কামত অসন্তুষ্ট হৈ আঁতৰি আহিছিল যদিও গোটৰ নীতি-নিয়ম ৰক্ষা কৰি পৰিচালিত হৈ আছিল। কিন্তু কি ৰহস্যৰ বাবে জীৱিকা সখীয়ে তেওঁলোকৰ গোটৰ সদস্যসকলৰ নাম মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিত অন্তৰ্ভুক্ত নকৰিলে, সেয়া জ্ঞাত নহয় বুলি আমাক জানিবলৈ দিয়ে ৷ এই সঞ্জীৱনী জনকল্যাণ নামৰ গোটটোকো লোক অপাৰেচন এপছ আৰু এম আই এছত অন্তৰ্ভুক্ত কৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি অভিযোগ উঠিছে ৷ এতিয়া মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচঁনিৰ পৰা বঞ্চিত হোৱা এইসকল ভুক্তভোগী মহিলাই মাজুলীৰ বিধায়কগৰাকীৰ হস্তক্ষেপত এক উচিত তদন্তৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like