নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপলৈ বিধায়ক ছিদ্দিক আহমেদ–আব্দুৰ ৰছিদ মণ্ডল !

🔹 কংগ্রেছত পুনৰ খহনীয়া

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : বিৰোধী কংগ্রেছত হৈ থকা প্রবল গৰাখহনীয়া অব্যাহত ৰাখি অচিৰেই আন দুজন বিধায়কে যোগ দিব অগপত৷ শেহতীয়াকৈ কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে দলত থাকিয়েই বিজেপিক সমর্থন জনাই যাব বুলি ঘোষণা কৰাৰ পিছত এইবাৰ আঞ্চলিক দল অগপত যোগ দিবলৈ আগবাঢ়ি আহিছে কংগ্রেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ আৰু আব্দুৰ ৰছিদ মণ্ডল৷ অন্তর্কন্দলত জর্জৰিত হৈ থকা কংগ্রেছৰ বিধায়কৰ লগতে শেহতীয়াকৈ বহুসংখ্যক নেতা–কর্মীয়ে যোগদান কৰিছে বিজেপিত৷ সমষ্টি পুনৰ নির্ধাৰণৰ পিছত ৰাজনৈতিক ভৱিষ্যতৰ অনিশ্চয়তা দেখি দল সলনিত নামি পৰা কংগ্রেছৰ বহু বিধায়ক তথা নেতা–কর্মীয়ে বিজেপিৰ লগতে মিত্রজোঁট অগপ আৰু ইউপিপিএলৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলিও চর্চা চলি আছে৷ এনে সময়তে কালি অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই স্পষ্টকৈ ঘোষণা কৰে যে অতি সোনকালে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ আৰু গোৱলপাৰা পশ্চিমৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে অগপত যোগ দিব৷ লক্ষণীয় যে ইতিমধ্যে ছিদ্দিক আহমেদে অগপত যোগদানৰ বাহিৰে তেওঁৰ কোনো গত্যন্তৰ নাই বুলি ঘোষণা কৰিছে৷ আনহাতে, শেহতীয়াকৈ আঞ্চলিকতাবাদৰ সপক্ষে যথেষ্ট সৰৱ হৈ পৰিছিল আব্দুৰ ৰছিদ মণ্ডল৷ আনকি আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ স্বার্থত অগপক শক্তিশালী কৰাৰ বাবেও মন্তব্য প্রকাশ কৰি আহিছে আব্দুৰ ৰছিদ মণ্ডলে৷ যাৰ বাবে ইতিমধ্যে দলীয় নেতৃত্বৰ ৰোষত পৰিছে বিধায়কগৰাকী৷ এনে অৱস্থাৰ মাজতে কালি বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কয় যে কংগ্রেছ দলৰ পৰা ইতিমধ্যে অগপত যোগদান কৰিছে অপূর্ব ভট্টাচার্যই৷ ইয়াৰ উপৰি আৰু দুগৰাকী বিধায়কে অগপত যোগদানৰ বাবে যোগাযোগ চলাই আছে৷ এই সন্দর্ভত অচিৰেই দলে সিদ্ধান্ত গ্রহণ কৰিব৷ মন কৰিবলগীয়া যে কংগ্রেছৰ বিধায়ক হিচাপে থকা ছিদ্দিক আহমেদ আৰু আব্দুৰ ৰছিদ মণ্ডলে অগপক সমর্থন দিব বুলিও ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ২০২৬ চনৰ নির্বাচনলৈ যথেষ্ট সময় থকা হেতুকে এতিয়াই অগপত যোগদান কৰাৰ পৰিৱর্তে সমর্থন জনাই যাব৷ এই মুহূর্তত দল সলনি কৰিলে দুয়োজনৰে বিধায়ক পদ খাৰিজ হ’ব৷ সেয়েহে ছিদ্দিক আহমেদ অথবা আব্দুৰ ৰছিদ মণ্ডলে আনুষ্ঠানিকভাৱে অগপত যোগ দিয়াৰ সম্ভাৱনা নাই৷

You might also like