নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচি কেলেংকাৰিঃ ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা তদন্ত আয়োগৰ প্রতিবেদন মন্ত্রীসভাই সম্পূর্ণৰূপে গ্রহণ কৰা নাই

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ:  অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০১৩, ২০১৫ আৰু ২০১৬ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হৈ নিযুক্তি লাভ কৰা মুঠ ৬০গৰাকী বিভিন্ন সেৱাত নিয়োজিত বিষয়া তদন্তৰ আওতালৈ আহিছে৷ আজি সদনত বিধায়ক ভৰত নৰহৰ এক প্রশ্ণৰ উত্তৰত চৰকাৰে এই তথ্য সদৰী কৰে৷ কর্মচাৰী বিভাগৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা তদন্ত আয়োগৰ প্রতিবেদনৰ প্রতিলিপি ২০২২ চনৰ ১১ এপ্রিলত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত উপস্থাপন কৰা হৈছিল৷ মন্ত্রীসভাৰ সিদ্ধান্তমর্মে ২০১৪ বর্ষত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাসমূহো ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা তদন্ত আয়োগৰ দ্বাৰা তদন্ত কৰোৱাৰ সিদ্ধান্ত লয়৷ লগতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা তদন্ত আয়োগৰ প্রতিবেদন পুনৰীক্ষণৰ বাবে মুখ্য সচিবৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি দিয়া হয়৷ যিহেতু ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা তদন্ত আয়োগৰ প্রতিবেদন মন্ত্রীসভাই সম্পূর্ণৰূপে গ্রহণ কৰা নাই, সেয়েহে উক্ত প্রতিবেদনৰ প্রতিলিপি বিধানসভাত উপস্থাপন কৰিব পৰা নাযায়৷ চৰকাৰৰ এই উত্তৰত অসন্তুষ্টি ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক নৰহে কয় যে এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ ক্ষেত্রত পূর্বৰ সর্বানন্দ সোণোৱাল চৰকাৰে যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছিল৷ কিন্তু বর্তমানৰ চৰকাৰে পূর্বৰ চৰকাৰৰ দৰে বিষয়টোক লৈ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷

You might also like