নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱালৈ “ভিতালী দাস সোঁৱৰণী” বঁটা

  • উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত বটা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ: ২০২১ চনৰ ২১ এপ্ৰিল । অসমৰ সংগীত জগতৰ বাবে এটা অত্যন্ত দুখৰ দিন । কিয়নো উক্ত দিনটোতে অসমে চিৰদিনৰ বাবে হেৰুৱাইছিল জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসক । ভিতালী দাসৰ অকাল মৃত্যু অসমৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি । ” জানমণি” , “অঞ্জনা” , “ৰাংঢালি”, “বগীতৰা”, “আইমণি”, “মইনাজান”, “গামোচা”, “তগৰ”, “চেংকলি”, “গাগৰি”ৰ দৰে একাধিক জনপ্ৰিয় শ্ৰাব্য কেছেটৰ লগতে ৪ হাজাৰতকৈয়ো অধিক গীতত কণ্ঠদান কৰিছিল ভিতালী দাসে । অকালতে জীৱন নাটৰ সামৰণি পৰা এই গৰাকী প্ৰয়াত শিল্পীৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে শিল্পী গৰাকীৰ জন্ম স্থান উত্তৰ গুৱাহাটীৰ সংবাদ গোষ্ঠী ” উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই” এক উদ্যোগ গ্ৰহণ কৰি আহিছে । তাৰে অংশ হিচাপে শিল্পী গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী যোৱা বছৰ সফলতাৰে অনুষ্ঠিত কৰাৰ লগতে শিল্পী গৰাকীৰ স্মৃতিত এক বটাও প্ৰদান কৰিছিল সংবাদ গোষ্ঠী টোৱে । প্ৰথম বছৰ “ভিতালী দাস সোঁৱৰণী শিল্পী বটা প্ৰদান কৰা হৈছিল যশস্বী কন্ঠশিল্পী তৰালী শৰ্মাক । এইবেলি “ভিতালী দাস সোঁৱৰণী শিল্পী বটা”ৰ বাবে মনোনীত কৰা হৈছে অসমৰ আন এগৰাকী সুকন্ঠী গায়িকা জুবলী বৰুৱাক । প্ৰয়াত শিল্পী ভিতালী দাসৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি অহা ২১ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জুবলি বৰুৱাক আগবঢ়োৱা হ’ব “ভিতালী দাস সোঁৱৰণী” বঁটা । উক্ত দিনা দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ৱলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ আৰু সম্পাদক ৰূপক ডেকাই ।

You might also like