নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূৱ খিলঞ্জীয়া সমাৰোহ আৰু সাংস্কৃতিক বিনিময় অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি

  • তিনিচুকীয়াত উত্তৰ-পূৱ খিলঞ্জীয়া লোক সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ লগতে উত্তৰ-পূৱ খিলঞ্জীয়া সমাৰোহ আৰু সাংস্কৃতিক বিনিময় অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি 

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: সমগ্ৰ উত্তৰ পূৰ্ৱাঞ্চলৰ খিলঞ্জীয়া জনজাতিসমূহক লৈ গঠন হোৱা উত্তৰ-পূৱ খিলঞ্জীয়া লোক সন্থাৰ উদ্যোগত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ সাহিত্য সভাৰ সৌজন্যত লগতে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ বৰহাপজান আঞ্চলিক সমিতিৰ সহযোগত ৮ এপ্ৰিল পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিত হ’ব উত্তৰ-পূৱ খিলঞ্জীয়া লোক সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ লগতে উত্তৰ-পূৱ খিলঞ্জীয়া সমাৰোহ আৰু সাংস্কৃতিক বিনিময় অনুষ্ঠান-২০২৩ সৌমাৰ খণ্ডৰ আদিম অধিবাসী ভূমিপুত্ৰ মৰাণ জনজাতিৰ সাংস্কৃতিক আৰু সাহিত্য সংগঠন সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ সাহিত্য সভাৰ সৌজন্যত তিনিচুকীয়া জিলাৰ মাকুম গোপনাৰী ৰাজহুৱা প্ৰেক্ষাগহ প্ৰাংগণত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে  মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, গুৱা, নতুন দিল্লী আদি কেইবাখনো ৰাজ্যৰ খিলঞ্জীয়া অগনন লোকৰ লগতে সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। য’ত খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক সমন্বয়ৰ চানেকি পৰিস্ফুট হোৱাৰ উপৰি নৃগোষ্ঠীয় খিলঞ্জীয়া লোকসকলৰ সমন্বয় আৰু ভাতৃত্ববোধৰৰ এনাজৰী দেখিবলৈ পাব। এই বিশাল অনুষ্ঠানটো আয়োজনৰ বাবে ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰে। দুলাল মৰাণক সভাপতি, অৰুণজ্যোতি মৰাণক কাৰ্যকৰী সভাপতি, বিনন্দ মৰাণক মূখ্য সম্পাদক, দিগন্ত মৰাণ আৰু অনুপ মৰাণক যুটীয়া সম্পাদক আৰু ৰাণাদ্বীপ দুৱৰা আৰু মৃদুল দহোতীয়াক আলোচনী সম্পাদক হিচাবে লৈ গঠন কৰা অভ্যৰ্থনা সমিতিখনে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসমূহৰ পৰিচয় সম্বলিত লেখনীৰ সমাহাৰে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰিছে। অনুষ্ঠানত বিশেষকৈ বিভিন্নধৰণৰ সাংস্কৃতিক কাৰ্যসূচী লগতে বিভিন্ন জনজাতীয় নেতৃত্বৰ আৰু ৰাজনৈতিক অৰাজনৈতিক নেতাক  লৈ দুখনকৈ গুৰুত্বপূৰ্ণ মুকলি সভা অনুষ্ঠিত হ’ব ইয়াৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন ভাষাত এখন কবিতা সমাৰোহ অনুষ্ঠিত হ’ব য’ত সঞ্চালনা কৰিব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খিলঞ্জীয়া লোক ভাষাৰ সদস্য নতুন দিল্লীৰ বেঞ্জামিন বাৰাই।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোৰ কেউটা দিনতে সকলোশ্ৰেণী ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহায় সহযোগিতা আৰু সু-দিহা পৰামৰ্শ কামনা কৰিছে মৰাণ জনজাতিৰ কেউটা সংগঠনৰ লগতে উত্তৰ-পূৱ খিলঞ্জীয়া লোক সন্থাই।

প্ৰেৰক:-বিবেক বড়া

You might also like