বিশেষ বাৰ্তা, ১৯ জুন : নলবাৰী চহৰৰ বৰ্তমানৰ কৃত্ৰিম বানপানীৰ দ্বাৰা সৃষ্ট জলমগ্ন পৰিস্থিতিৰ তাৎক্ষণিক পৰিত্ৰাণৰ সম্বন্ধে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সন্ধিয়া কালি সন্ধিয়াৰ পৰা নিশালৈ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এক জৰুৰী বৈঠক আহ্বান কৰে। উক্ত বৈঠকত জিলা উপায়ুক্ত গীতিমনি ফুকন তথা জিলা প্ৰশাসনৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল তথা বিভাগীয় মুৰব্বী বিষয়াসকল, নলবাৰী পৌৰসভাৰ সভানেত্ৰীকে ধৰি ৱাৰ্ড কমিছনাৰ সকল, চক্ৰ বিষয়সকল, খণ্ড উন্নয়ন বিষয়াসকল তথা অন্যান্য সংশ্লিষ্টসকল যেনে- বৰ্তমান নলবাৰী চহৰৰ বিভিন্ন স্থানত চলি থকা নিৰ্মান কাৰ্য্যৰ দায়িত্বত থকা কোম্পানীৰ প্ৰতিনিধিসকল তথা ঠিকাদাৰসকলৰ উপস্থিতিত নলবাৰী চহৰে বৰ্তমান মুখামুখি হ’বলগীয়া হোৱা এই কৃত্ৰিম আৱদ্ধ জলৰাশিৰ মূল কাৰণ সমূহ পুনৰ পুংখানুপুংখ ভাৱে ফঁহিয়াই চায়।মন্ত্ৰী গৰাকীয়ে ৱাৰ্ড কমিছনাৰ সকলক নিজ নিজ ৱাৰ্ডৰ কৃত্ৰিম বাণ পৰিস্থিতি প্ৰতিহত কৰাৰ বাবে নিজক এশ শতাংশই নিয়োজিত কৰাৰ বাবে আহ্বান জনায়। নলবাৰী পৌৰসভা, নলবাৰী উন্নয়ন প্ৰাধিকৰণ, নগৰ তথা গাঁও পৰিকল্পনা বিভাগ, লোক নিৰ্মাণ (পথ), চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আদি সকলোকে একেলগে সহযোগিতাপূৰ্ণভাৱে কামত নিয়োজিত হ’বলৈ আহ্বান জনায়। তেওঁ ৬ গৰাকী প্ৰশাসনিক বিষয়াৰ মাজত নলবাৰী চহৰৰ মুঠ ১৭টা ৱাৰ্ডৰ কৃত্ৰিম বাণৰ সমস্যা ৰোধ কৰাৰ দায়িত্বত সমানে ভগাই দিবলৈ কোৱাৰ লগতে দায়িত্বত থকা বিষয়াসকলক কৃত্ৰিম বাণপানী প্ৰতিহতৰ ক্ষেত্ৰত সহায়ক হ’ব পৰা যিকোনো সিদ্ধান্ত লোৱাৰ স্বাধীনতাও প্ৰদান কৰে।লোকনিৰ্মাণ (পথ) বিভাগৰ কাৰ্য্যবাহী অভিযন্তাক উক্ত বিভাগৰ অধীনত নিয়োজিত হৈ থকা ঠিকাদাৰসকলক চহৰখনৰ বিভিন্ন ঠাইত পানী ওলাই যোৱা পথ সমূহত য’ত য’ত আবদ্ধ হৈ আছে আছিৰ ভিতৰত সেই পথ সমূহ মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ঠিকাদাৰ সকলক নির্মাণকার্য চলি থকা ঠাইত বা আশে পাশে উন্মুক্ত হৈ থকা গাঁত ইত্যাদিত ছেফটি ষ্ট্ৰাইপ লগোৱাৰ কথা কয় আৰু এই উন্মুক্ত গাঁতৰ বাবে সাধাৰণ ৰাইজ দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’লে ঠিকাদাৰ সকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা লোৱা হ’ব বুলিও সঁকিয়াই দিয়ে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন