নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমত নতুন সংযোজনঃঅসমৰ বিহু উৎসৱ’ শীৰ্ষক পাঠ্যপুথি উন্মোচন

নিয়মীয়া বাৰ্তা ,২৪ ডিচেম্বৰঃ অসমৰ বাপতি সাহোন বিহু বিষয় অন্তৰ্ভুক্ত হ’ল উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত।নৱ প্ৰজন্মক বিহুৰ লগত আৰু অধিক ওতপ্ৰোত ভাবে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যৰে শিক্ষা সংসদে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিলে ‘অসমৰ বিহু উৎসৱ শীৰ্ষক’ নতুন পাঠ্যপুথি।বুধবাৰে এই নতুন পাঠ্যপুথি খন উন্মোচন কৰা হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত।শিক্ষা সংসদৰ সচিব ড০ৰমেশ চন্দ্ৰ চুতীয়াৰ সভাপতিত্বত অনুস্থিত হোৱা এক অনুষ্ঠানত এই নতুন পাঠ্যপুথি খন উন্মোচন কৰে বিহু গবেষক ড০হেমন্ত কুমাৰ বৰুৱাই।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব এই বিহু বিষয়টো। ১০০নম্বৰৰ এই বিষয়টোত থিয়ৰিত ৩০ আৰু পেকটিকেলত থাকিব ৭০নম্বৰৰ প্ৰশ্ন। অসমৰ বাপতিসাহোন বিহুৰ প্ৰতিটো দিশ প্ৰতিফলন কৰাৰ লগতে ৫টাকৈ জনগোষ্ঠীয় লোক কৃষ্টিৰো আভাস দিয়া হৈছে এই পাঠ্যপুথিত।এই পাঠ্যপুথি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰদীপ নেওগ, সাহিত্যিক ইছমাইল হুছেইন, বিহু বিশেষজ্ঞ পবিত্ৰ ফুকন, হেম গগৈ,ৰনজিৎ গগৈ,ডাঃ অমৰেন্দ্ৰ গগৈ, প্ৰবীন কুমাৰ শইকীয়া,সোমনাথ বৰা ওজা প্ৰমুখ্যে বহু ব্যক্তি।ইফালে, শীৰ্ঘে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবেও পাঠ্যপুথি প্ৰণয়ন কৰা হ’ব বুলি এই উল্লেখ কৰিছে শিক্ষা সংসদৰ সচিব ড০ ৰমেশ চন্দ্ৰ চুতীয়াই।
You might also like