নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ ডিচেম্বৰত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ২৬ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আমিনগাঁৱত এখন জনসভাত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে। অসম দৰ্শন আঁচনিৰ অংশ হিচাপে ৰাজ্যৰ ৮ হাজাৰ নামঘৰলৈ আগবঢ়াবলগীয়া অনুদান আগবঢ়াব অমিত শ্বাহে। লগতে ৰাজ্যত নতুনকৈ স্থাপন হ’ব লগীয়া ৯খন আইন মহাবিদ্যালয় লগতে গুৱাহাটীত নতুনকৈ স্থাপন হ’ব লগা আন এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

আনহাতে আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ড নিৰীক্ষণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। বটদ্ৰৱা থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপান্তৰ কৰিবৰ বাবে ১৮০কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

ইতিমধ্যে পেৰেড গ্ৰাউণ্ডৰ সকলোধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা হৈছে। প্ৰায় ২০ হাজাৰ মানুহৰ সমাগম হ’ব পৰাকৈ তৈয়াৰ কৰা হৈছে প্ৰেক্ষাগৃহ। ইয়াৰ পাছতেই মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী।

You might also like