নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত দিব্যাংগৰ বাবে স্থাপন হ’ব সুকীয়া বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ সমগ্র বিশ্বৰ লগতে আজি অসমতো আন্তঃৰাষ্ট্রীয় দিব্যাংগ দিৱস উদ্যাপন কৰা হয়৷ মুখ্যতঃ দিব্যাংগসকলক মর্যাদাপূর্ণ জীৱন প্রদানৰ লগতে সমাজত তেওঁলোকক মর্যাদাসম্পন্ন ব্যক্তি হিচাপে তুলি ধৰাৰ লক্ষ্যৰে উদ্যাপন কৰি অহা এই দিৱসতে বিশেষভাৱে সক্ষম শিশুসকলক লক্ষ্য কৰি আজি সমগ্র শিক্ষা অসমে আনুষ্ঠানিকভাৱে মুকলি কৰে এক বিশেষ এপ৷ ‘সন্ধান’ শীর্ষক এই এপৰ জৰিয়তে যিসকল দিব্যাংগ শিশু বিদ্যালয়লৈ যোৱাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈ আছে, সেই শিশুসকলক বিশেষভাৱে সহায় আগবঢ়াব সমগ্র শিক্ষা অসমে৷ কাহিলিপাৰাস্থিত সর্বশিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত আজি এই এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে৷ আনহাতে, এই অনুষ্ঠানতে ৰাজ্যৰ ৩৩খন জিলাৰ ৩৩গৰাকী বিশেষ পাৰদর্শিতা থকা দিব্যাংগ শিশুক পুৰস্কাৰ প্রদান কৰা হয়৷ ইফালে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত সমাজ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্রীয় দিব্যাংগ দিৱস অনুষ্ঠানত উপস্থিত থাকি মন্ত্রী প্রমীলাৰাণী ব্রহ্মই অসমত দিব্যাংগসকলৰ বাবে এক সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত জানিবলৈ দিয়া মতে, গুৱাহাটীৰ আশে–পাশে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব৷ ইয়াৰ বাবে বিভাগে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মন্ত্রী ব্রহ্মই শিক্ষাৰ ক্ষেত্রত দিব্যাংগসকলক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ কথাও জানিবলৈ দিয়ে৷ তদুপৰি বিভিন্ন এককালীন সাহায্য, পেন্সন আদিৰ ধন বৃদ্ধিৰ বাবেও চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰে৷ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ সঞ্চালক সৰলা দেৱী, যুটীয়া সচিব পার্থপ্রতিম মজুমদাৰৰ লগতে কেইবাজনো

You might also like