নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ ২১ বিষয়া জোৱানলৈ সাহসিকতা বিশিষ্ট–উৎকর্ষ সেৱাৰ পদক

ইন্দ্রাণী বৰুৱাসহ ৩৫গৰাকীক মুখ্যমন্ত্রীৰ মেডেল

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ প্রাকমুহূর্তত মহানগৰ আৰক্ষীয়ে ওদালগুৰিত অভিযান চলাই বৃহ অস্ত্র ভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হৈছে৷ গোপন সূত্রৰ পৰা লাভ আৰু উৎকর্ষ সেৱাৰ বাবে আৰক্ষী পদক প্রাপকসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ এইবাৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ আৰক্ষী তথা অন্যান্য নিৰাপত্তা বাহিনীসমূহৰ মুঠ ৯২৬গৰাকী বিষয়া–জোৱানে নির্বাচিত হৈছে উক্ত তিনিটা পদকৰ বাবে৷ ইয়াৰ ভিতৰত ২১৫গৰাকীয়ে সাহসিকতাৰ বাবে আৰক্ষী পদক, ৮০গৰাকীয়ে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক আৰু সর্বাধিক ৬৩১গৰাকীয়ে উৎকর্ষ সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰিছে৷ লক্ষণীয়ভাৱে এই পদকপ্রাপ্তসকলৰ ভিতৰত আছে অসম আৰক্ষীৰ ২১গৰাকীকৈ বিষয়া–জোৱান৷ ইয়াৰে ৫গৰাকীয়ে সাহসিকতাৰ বাবে আৰক্ষী পদকৰ বাবে বাছনিভুক্ত হৈছে৷ তেওঁলোক হ’ল– উপ–পৰিদর্শক অনুপম গোৱালা, কনিষ্টবল কুশল দাস, তীথেশ্বৰ শইকীয়া, অশ্বিনী কুমাৰ শইকীয়া আৰু চাম হাম চাখাপ৷ তদুপৰি অসম আৰক্ষী হাউছিং কর্প’ৰেচনৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতাই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদকৰ বাবে বাছনিভুক্ত হৈছে৷ অসম আৰক্ষীৰ ১৫গৰাকীকৈ বিষয়া–জোৱানে এইবাৰ লাভ কৰিছে উৎকর্ষ সেৱাৰ বাবে আৰক্ষীৰ পদক৷ তেওঁলোক হ’ল– সীমান্ত শাখাৰ উপ–মহাপৰিদর্শক দেৱজ্যোতি মুখার্জী, দশম অসম আৰক্ষী বাহিনীৰ অধিনায়ক গৌতম বৰা, অষ্টম অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক শ্বিৱ কুমাৰ ৰায়, সীমান্ত শাখাৰ উপ–আৰক্ষী অধীক্ষক ৰুক্ম বুঢ়াগোহাঁই, সীমান্ত শাখাৰ উপ–আৰক্ষী অধীক্ষক নুৰুদ্দিন আহমেদ, ষষ্ঠ অসম আৰক্ষী বাহিনীৰ উপ–পৰিদর্শক অনুপম কুমাৰ দেৱ, শদিয়া আৰক্ষী জিলাৰ সহকাৰী উপ–পৰিদর্শক প্রবীণ দুৱৰী, কার্বি আংলং ডি ই এফৰ সহকাৰী উপ–পৰিদর্শক আবুল ফাৰুক, ২১নং এছটি এপি (আই আৰ) বেটেলিয়নৰ সহকাৰী উপ–পৰিদর্শক (ক্লার্ক) কিশোৰী কুমাৰ থাপা, মান্দাকাটাস্থিত কমাণ্ডো বেটেলিয়নৰ হাবিলদাৰ যাদৱ চন্দ্র নাথ, ষষ্ঠ অসম আৰক্ষী বাহিনীৰ লেন্স নায়ক সত্যনাৰায়ণ যাদৱ, কার্বি আংলং ডি ই এফৰ লেন্স নায়ক প্রমোদ মহন্ত, কনিষ্টবল পৱন শইকীয়া, নদী আৰক্ষী বাহিনীৰ কনিষ্টবল আজাদ আহমেদ আৰু শদিয়া আৰক্ষী জিলাৰ কনিষ্টবল প্রশান্ত সোণোৱাল৷ ইফালে, অসম আৰক্ষী আৰু অগ্ণি–জৰুৰীকালীন সেৱাৰ মুঠ ৩৫ বিষয়া–জোৱানলৈ আগবঢ়োৱা হৈছে বিশেষ সেৱাৰ বাবে মুখ্যমন্ত্রীৰ আৰক্ষী পদক৷ এই বিষয়া–জোৱানসকল হ’ল– চতুর্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক ইন্দ্রাণী বৰুৱা, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ উপ–আৰক্ষী আয়ুক্ত (পূব) সুভাষিণী শংকৰণ, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্র, সহকাৰী আৰক্ষী মহাপৰিদর্শক (ডব্লিউ এন এছ) মহেশ চান্দ শর্মা, ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাস, ২০নং এ পি (আই আৰ) বেটেলিয়নৰ অধিনায়ক ডম্বৰুধৰ হাজৰিকা, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত (প্রশাসন) পনজিৎ দুৱৰা, তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ৰিপুঞ্জয় কাকতি, উপ–আৰক্ষী অধীক্ষক (সদৰ) বিতুল চেতিয়া, ওদালগুৰি জিলাৰ উপ–আৰক্ষী অধীক্ষক (সদৰ) মইদুল ইছলাম, বোকাজান মহকুমা আৰক্ষী বিষয়া জোন দাস, দিছপুৰৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, বাগ্সা ডি ই এফৰ পৰিদর্শক অসীম বৰা, ২৪নং এ পি (আই আৰ) বেটেলিয়নৰ পৰিদর্শক অনিল দাস, কার্বি আংলং ডি ই এফৰ উপ–পৰিদর্শক ৰাজু বাহাদুৰ ছেত্রী, নগা ডি ই এফৰ উপ–পৰিদর্শক নিপু কলিতা, বৰপেটা ডি ই এফৰ উপ–পৰিদর্শক পুলক বর্মন, এ পি আৰ অ’ৰ উপ–পৰিদর্শক অবিনাশ মেথি, বিশেষ শাখাৰ উপ–পৰিদর্শক ঋতুপর্ণ সোণোৱাল, কার্বি আংলং ডি ই এফৰ সহকাৰী উপ–পৰিদর্শক অৰুণ কুমাৰ নাথ, পঞ্চম অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ (ক্লার্ক) সুদর্শন দাস, একাদশ অসম আৰক্ষী বাহিনীৰ কনিষ্টবল প্রকাশ বসুমতাৰী, কোকৰাঝাৰ ডি ই এফৰ কনিষ্টবল ৰাকেশ কুমাৰ সিং, মৰিগাঁও ডি ই এফৰ মহিলা কনিষ্টবল ইনু দেৱী, প্রথম অসম আৰক্ষী বাহিনীৰ কনিষ্টবল বিশ্বজিৎ ফাটোৱালি, দ্বাদশ অসম আৰক্ষী বাহিনীৰ কনিষ্টবল তন্ময় নাথ, অগ্ণি–জৰুৰীকালীন সেৱাৰ জ্যেষ্ঠ ষ্টেচন অফিচাৰ তৰুণ চন্দ্র দিহিঙীয়া, এছ ডি আৰ এফৰ দিলীপ ওৰাং, পংকজ চুব্বা, পৰাগ বৰা, ডিভিজন চুতীয়া আৰু অমিত চৌধুৰী৷

You might also like