নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত ৭১৯জন ক’ভিড পজিটিভ

২৪ ঘণ্টাত ৬জন ক’ৰোনা আক্রান্তৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ৰাজ্যত লকডাউনত শিথিলতা আনি আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতো ভিন্ন প্রান্তত বৃদ্ধি পাই আছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ আক্রান্তৰ সমান্তৰালকৈ প্রতিদিনে ঊর্ধ্বগামী হৈ আছে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা৷ শুকুৰবাৰে পুনৰ ৬জন লোক এই ৰোগত আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য সদৰী কৰিছে৷ শুকুৰবাৰে মৃত্যু হোৱা লোককেইজন হ’ল– হাইলাকান্দি জিলাৰ ৰহমত আলী চৌধুৰী (৪৫), কামৰূপ মহানগৰ জিলাৰ আব্দুল বাৰিক (৩৮), কার্বি আংলং জিলাৰ বেঞ্জামিন টেৰণ (৫৬), কামৰূপ গ্রাম্য জিলাৰ ৰেণুকা বৰা (৮১) আৰু গোৱালপাৰা জিলাৰ আব্দুল ৰহিম (৭২)৷ আজি মৃত্যু হোৱা লোকৰ সৈতে ক’ৰোনাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১৭৫লৈ বৃদ্ধি পালে৷ ইফালে, আজি ৰাজ্যত পুনৰ ২,৭০৬গৰাকী নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ ২৪ ঘণ্টাত ৰাজ্যত ৪৯,৬০৩গৰাকী ক’ভিড পৰীক্ষাৰ অন্তত ২,৭০৬গৰাকী পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ ৫.৪৫ শতাংশ৷ শুকুৰবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৭১৯জন, ডিব্রুগড় ডিলাৰ ২৬৪জন, কামৰূপ গ্রাম্য জিলাত ২৫৮জন আৰু নগাঁও জিলাত ১৪৫জন লোক আছে৷ শুকুৰবাৰে এই সংখ্যাৰে ৰাজ্যত মুঠ ক’ৰোনাত আক্রান্তৰ সংখ্যা ৭৪,৫০১জনলৈ বৃদ্ধি পালে৷ আনহাতে, আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হোৱা ২,৩১০গৰাকী লোকক ৰিলিজ দিয়া হয়৷ ইয়াকে লৈ এতিয়ালৈ ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যা ৫১,৬৯৩গৰাকীলৈ বৃদ্ধি পালে৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ২২,৬৩০গৰাকী লোক

You might also like