নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ তিনিজনকৈ বিধায়ক একেদিনাই ক’ৰোনাত আক্রান্ত

মঙলবাৰে পুনৰ ৮গৰাকীৰ মৃত্যু, আক্রান্ত ১,৯৭৩

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  ঘাতক মহামাৰী ক’ৰোনাই পুনৰ প্রাণ ল’লে ৮গৰাকীকৈ লোকৰ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত পুনৰ ৮গৰাকী লোকে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হ মৃত্যুমুখত পৰা লোকৰ সংখ্যা ২৬০গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি কামৰূপ মেট্র’ৰ ঊষা দাস (৭০), অর্পণা ৰয় (৪৮), নয়না দাস (২১), নলবাৰীৰ লাবণ্য ভূঞা (৬৫), বাক্সাৰ মছফিল হুছেইন (৫৫), কার্বি আংলঙৰ অজয় কুমাৰ গুপ্তা (৪০), গোলাঘাটৰ জয়ন্ত দেৱ (৪৬) আৰু মাজুলীৰ বিষ্ণু বিশ্বাসৰ (৫৫) ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ঘটে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমৱেদনা জ্ঞাপন কৰে৷ আনহাতে মঙলবাৰৰ দিনটোত পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, গোলাঘাটৰ কংগ্রেছ বিধায়িকা অজন্তা নেওগ, জোনাইৰ বিধায়ক ভুবন পেগুকে ধৰি ৰাজ্যখনত নতুনকৈ ১,৯৭৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ৫১০গৰাকী গুৱাহাটী মহানগৰীৰ, ১৪৯গৰাকী কাছাৰৰ, ১৩২গৰাকী যোৰহাটৰ, ১২১গৰাকী কামৰূপ গ্রাম্যৰ আৰু ১১৬গৰাকী ডিব্রুগড়ৰ৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৩৪,৩০৭গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৫.৭৫ শতাংশ৷ মঙলবাৰে নতুনকৈ আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ ৯৪,৫৯২গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইপিনে, আজি ১,৭২৪গৰাকী লোক সুস্থ হৈ হাস্পতালৰ পৰা নিজ নিজ ঘৰলৈ উভতি গৈছে৷ এতিয়ালৈ মুঠ ৭৪,৮১৪গৰাকী লোক সুস্থ হৈছে৷ বর্তমান বিভিন্ন হাস্পতালত ১৯,৫১৫ গৰাকী লোক চিকিৎসাধীন হৈ আছে৷
বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা আক্রান্ত
পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক তথা এমট্র’নৰ অধ্যক্ষ ৰমেন্দ্র নাৰায়ণ কলিতা ক’ভিড–১৯ত আক্রান্ত হৈছে৷ মঙলবাৰে আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰেপিড টেষ্ট কৰাত তেওঁৰ ফলাফল পজিটিভ আহে৷ অহা ২৭ আগষ্টত আমবাৰীত অনুষ্ঠিত হ’বলগীয়া দলৰ কেন্দ্রীয় সাধাৰণ পৰিষদৰ বৈঠকৰ প্রস্তুতিত ব্যস্ত থকাৰ সময়তে কলিতা সামান্য জ্বৰ আৰু মূৰৰ বিষত আক্রান্ত হয়৷ মঙলবাৰে বিধায়ক কলিতাই জিএমচিএইচলৈ গৈ ছোৱাব পৰীক্ষা কৰাত ফলাফল পজিটিভ আহে৷ বর্তমান বিধায়ক কলিতা জিএমচিএইচত চিকিৎসাধীন হৈ আছে৷
ক’ভিডত আক্রান্ত বিধায়িকা অজন্তা নেওগঃ গোলাঘাটত এজনৰ মৃত্যু
গোলাঘাট সমষ্টিৰ বিধায়িকা তথা প্রাক্তন মন্ত্রী অজন্তা নেওগৰ শৰীৰত ক’ভিড ধৰা পৰিছে৷ বিধায়িকাগৰাকীক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ ইপিনে ক’ভিডত আক্রান্ত গোলাঘাট জিলাৰ ৩নং ৱার্ড নিৱাসী জাণ্টি দেৱ (৪৬)ৰ  গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয়৷ মঙলবাৰে পুৱাৰ ভাগত লোকজনৰ ক’ভিড পৰীক্ষাত পজিটিভ অহাত চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও কিছু সময় পিছতেই তেওঁৰ মৃত্যু হয়৷ সেইদৰে গোলাঘাট জিলাত মঙলবাৰে ৫৯গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰিছে৷ ইয়াৰে ১২গৰাকী গোলাঘাট বৃদ্ধাশ্রমৰ আৰু ১১গৰাকী শিক্ষক৷ জিলাখনত এতিয়ালৈ ৩,২৯৭গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰাৰ বিপৰীতে ২,৭২৯গৰাকী লোক সুস্থ হোৱাত হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে৷ জিলাখনত বর্তমান ৫৬৮গৰাকী লোক চিকিৎসাধীন হৈ আছে৷
মেৰাপানীত এজনৰ মৃত্যু
গোলাঘাট জিলাৰ মেৰাপানীৰ কৃষ্ণা শ্রমী গাঁৱৰ সোণেশ্বৰ গগৈ (৫১) নামৰ লোকজন ক’ৰোনাত আক্রান্ত হৈ যোৱানিশা যোৰহাট চিকিৎসালয়ত মৃত্যুবৰণ কৰে৷ যোৱা ১৭ আগষ্টৰ পৰা গগৈ চিকিৎসাধীন হৈ আছিল৷ ক’ভিডৰ লগতে গগৈ দীর্ঘদিন ধৰি মধুমেহ আৰু হূদৰোগতো আক্রান্ত আছিল৷
নগাঁৱত নতুনকৈ ৬৬গৰাকী আক্রান্ত
নগাঁও জিলাত  নতুনকৈ ৬৬গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰিছে৷ ইয়াকে লৈ জিলাখনত আক্রান্তৰ সংখ্যা ৪,৯৮৯গৰাকীলৈ বৃদ্ধি পালে৷
দৰঙত ২৫ শিক্ষকৰ দেহত ওলাল ক’ভিড
শিক্ষা বিভাগৰ নির্দেশ অনুসৰি দৰং জিলাতো যোৱা ২১ আগষ্টৰ পৰা শিক্ষকসকলৰ ক’ভিড টেষ্ট আৰম্ভ হৈছে৷ প্রথম দিনৰ ছোৱাব পৰীক্ষাৰ ফলাফল অনুসৰি ২৫গৰাকী শিক্ষকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ জিলাখনত এতিয়ালৈ ২,৩৬২গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ১,৮৭২গৰাকী লোক সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে৷

You might also like