নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ ঘণ্টাৰ মূৰত ধ্বংসস্তূপৰ পৰা জীৱন্তে উদ্ধাৰ ৫ বছৰীয়া শিশু

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ মহাৰাষ্ট্রৰ ৰায়গড়ত কালি সন্ধিয়া তাচপাতৰ দৰে খহি বিধ্বস্ত হোৱা অট্টালিকাৰ ধ্বংস্তূপৰ পৰা ১৯ ঘণ্টাৰ মূৰত এটি ৫ বছৰীয়া শিশু জীৱন্তে উদ্ধাৰ কৰা হয়৷ ৰায়গড় জিলাৰ কাজলপুৰাৰ কাৰেগার্ডেনৰ পঞ্চম মহলাৰ আৱাসিক অট্টালিকাটো কালি সন্ধিয়া হঠাতে খহি পৰে৷ অট্টালিকাটো ধ্বংস্তূপত পৰিণত হোৱাত এন ডি আৰ এফকে ধৰি স্থানীয় প্রশাসনে অভিযান চলাই ৯জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ৭৮জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়৷

কালি সন্ধিয়াৰে পৰা অভিযানকাৰী উদ্ধাৰত ব্যস্ত থাকি কালি দিনত ৫ বছৰীয়া শিশু এটি জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ৰায়গড়ৰ এই দুর্ঘটনাটিত প্রাণ হেৰুওৱাসকলৰ প্রতি গভীৰ শোক প্রকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ উল্লেখ্য যে ১০ বছৰ পূর্বে নির্মাণ কৰা ৫ মহলীয়া এই অট্টালিকাটোত প্রায় ৪০টা পৰিয়ালে বসবাস কৰি আহিছে৷ ওপৰৰ তিনিটা মহলা খহি পৰাৰ সময়তে কিছুসংখ্যক আৱাসীয়ে অট্টালিকাটোৰ পৰা ওলাই আহি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত ৰায়গড় আৰক্ষীয়ে ৫জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷

You might also like