নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ বালিয়াত সাংবাদিকক গুলীয়াই হত্যা

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ উত্তৰ প্রদেশৰ বালিয়া জিলাত যোৱানিশা তিনি দুর্বৃত্তই ৰতন সিং নামৰ প্রাইভেট নিউজ চেনেল এটাত কর্মৰত সাংবাদিক এজনক গুলীয়াই হত্যা কৰে৷ ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌৰ পৰা প্রায় ২৬০ কিলোমিটাৰ নিলগৰ বালিয়াত কর্মস্থলীৰ পৰা নিশা ৯ বজাত উভতি আহি থাকোঁতে তিনি দুর্বৃত্তই সাংবাদিকজনক অনুসৰণ কৰি আহি গুলীচালনা কৰে৷ এই ঘটনা সন্দর্ভত আৰক্ষীয়ে সম্পত্তিৰ বিবাদৰ বাবেই সাংবাদিক সিঙক গুলীয়াই হত্যা কৰা বুলি প্রকাশ কৰিছে৷

অৱশ্যে পৰিয়ালৰ লোকে আৰক্ষীৰ এই দাবী নস্যাৎ কৰিছে৷ আৰক্ষীৰ ভাষ্য মতে জিলাখনৰ চহৰ অঞ্চলত সাংবাদিক ৰতন সিঙে বসবাস কৰি আহিছে৷ তেওঁৰ পৰিয়ালৰ লোকে বিগত ৫ বছৰ ধৰি গাঁৱত এটি গৃহক লৈ বিবাদ কৰি আছে৷ এনে পৰিপ্রেক্ষিততে সাংবাদিকজনক দুর্বৃত্তই গুলীয়াই হত্যা কৰে বুলি আৰক্ষীয়ে মন্তব্য কৰিছে৷ এই মন্তব্যৰ পিছতে সাংবাদিকজনৰ পিতৃ বিনোদ সিঙে কয় যে তেওঁলোকৰ পৰিয়াল কোনো সম্পত্তিৰ বিবাদত জড়িত নহয়৷ আৰক্ষীয়ে ঘটনাটো অন্যফালে নিবলৈ এই ভাষ্য প্রদান কৰিছে৷

You might also like