নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ ৩০৭ কোটি মুকলি কেন্দ্রীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ  ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ কেন্দ্রীয় চৰকাৰে জি এছ টি ক্ষতিপূৰণৰ ৩০,০০০ কোটি টকা মুকলি কৰি দিছে৷ ইয়াৰ লগতে তদর্থ আই জি এছ টিক ২৮,০০০ কোটি টকাও মুকলি কৰিছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে বিবৃতিত প্রকাশ কৰা মতে জি এছ টি পৰিষদৰ সিদ্ধান্ত মর্মে ২০২০–২১ বিত্তীয় বর্ষৰ ৩০,০০০ কোটি টকা মুকলি কৰি দিয়া হৈছে৷ ঠিক তেনেদৰে যোৱা ৩০ মার্চত আই জি এছ টিৰ তদর্থ বন্দবস্তিৰ ২৮,০০০ কোটি টকা ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ মুকলি কৰিছে৷ বিবৃতি অনুসৰি অসমলৈ জি এছ টি ক্ষতিপূৰণৰ বাবদ ৩০৭.৯৮ কোটি টকা আৰু আই জি এছ টিৰ বাবে ২০৯ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

You might also like