নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টোকোৰা চৰাই বাহ নহয়, ৰাজস্থানত শিশুৰ পেটৰ পৰা ওলাল মেৰ খোৱা এথোপা সূতা…

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ এটি ৫ বছৰীয়া শিশুৰ পাকস্থলীৰ পৰা উদ্ধাৰ হৈছে সূতাৰে মেৰ খোৱা ৩ ফুট দৈৰ্ঘ্যৰ সৰ্প আকৃতিৰ মালা। এটা মূৰ টোকোৰা চৰাইৰ বাহৰ দৰে সূতাৰে গঁথা।  ৰাজস্থানৰ এই ঘটনাই আশ্চৰ্যান্বিত কৰিছে চিকিৎসককে ধৰি সৰ্বসাধাৰণ লোকক। জানিব পৰা মতে, ৰাজস্থানৰ বুণ্ডি জিলাৰ হিংডোলী নিৱাসী এটি পাঁচ বছৰীয়া শিশুৱে দীৰ্ঘদিন ধৰি পেটৰ বিষ অনুভৱ কৰি আছিল।

স্থানীয় চিকিৎসকে পেটৰ বিষৰ  ঔষধ দিয়ে আৰু শিশুটোৱে  কিছু ভাল পায়। এইদৰে চলি আছিল বহুদিন। কিন্তু দিন যোৱাৰ লগে লগে শিশুটিৰ স্বাস্থ্য বেয়ালৈ গতি কৰে। শুকাই-খীণাই যোৱাৰ উপৰি খাব-ল’বলৈও অনিচ্ছা প্ৰকাশ কৰে। শেষত শিশুটিক অভিভাৱকে চহৰৰ সমীৰ মেহতা নামৰ এহৰাকী চিকিৎসকৰ ওচৰলৈ নিয়ে।

আল্ট্ৰা ছনোগ্ৰাফী কৰি চিকিৎসকে শিশুটিৰ পেটত অদ্ভুত এক বস্তুৰ উমান পায়। পিছত অস্ত্ৰোপচাৰ কৰাত ওলাই পৰে সূতাৰে গুঠা সৰ্প আকৃতিৰ মালাগুচ্ছ। চিকিৎসকৰ মতে, এয়া অতি দুৰ্লভ বেমাৰ।

মেডিকেল ছায়েন্সৰ ভাষাত ইয়াক ৰেপুঞ্জেল ছিনড্ৰম বুলি কোৱা হয়। ইয়াক Trichotillomania বুলিও জনা যায়। অধিকাংশ ক্ষেত্ৰতে এনে ৰোগত ভোগা ৰোগীয়ে নিজৰ দেহৰ চুলি ছিঙি ভক্ষণ কৰে। ৰাজস্থানৰ এই ল’ৰাটোৱে চুলিৰ সলনি কাপোৰৰ সূতা খাইছিল, যাৰ বাবে পাকস্থলীত সূতা জমা হৈ সৰ্প আকৃতিৰ মালা পোৱা গৈছিল।

You might also like