নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট হাইলাইটঃ শিক্ষাৰ্থীক আইআইটি দৰ্শন-‘সেউজ অসম অভিযান’-চোৰাং চিকাৰৰোধী শিবিৰৰ নৱীকৰণ-সাতখনকৈ কৰ্কট হাস্পতাল নিৰ্মাণ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত দাখিল কৰে সাধৰাণ বাজেট।

১। ‘আৰোহণ’ৰ পুনঃউদ্বোধন কৰি নৱম শ্ৰেণীত প্ৰথম স্থান অধিকাৰ কৰা শিক্ষাৰ্থীসকলক ৰাজ্যৰ আই আই টি গুৱাহাটীৰ দৰে শিক্ষানুষ্ঠানৰ দৰ্শন কৰোৱা হ’ব। তদুপৰি শিক্ষাৰ্থীসকলক ২,০০০ টকা আৰু প্ৰতিখন জিলালৈ ১ লাখকৈ টকা আবণ্টন দিয়া হ’ব।

২। ‘মিয়াৱাকি মডেল’ ব্যৱহাৰৰ দ্বাৰা অসমত সেউজ আৱৰণ ৩৬%ৰ পৰা ৩৮% লৈ বৃদ্ধিৰ লক্ষ্যৰে ‘সেউজ অসম অভিযান’। অসম কৃষি-বন উন্নয়ন পৰিষদ স্থাপন। গুৱাহাটীত স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ২৫০ কোটি টকা ব্যয়সাপেক্ষে ২০০খন বৈদ্যুতিক বাহন আৰু ১০০খন চি এন জি বাছৰ প্ৰৱৰ্তন।

৩। গোলাঘাট, নগাঁও, বিশ্বনাথ আৰু শোণিতপুৰত ২৪১টা চোৰাং চিকাৰৰোধী শিবিৰৰ নৱীকৰণ। কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ ৪,৮৬৫ কোটি টকা ব্যয়সাপেক্ষ জন্তুৰ সুৰক্ষিত যাত্ৰাৰ বাবে ৩৫ কিল’মিটাৰ ওখ কৰিড’ৰ। নটা হাতী কৰিড’ৰৰ বাবে জাননী।

৪। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ৮৩২ হেক্টৰ ভূমি অধিগ্ৰহণ। ১,০৮৫টা স্থানচ্যুত পৰিয়ালক ভূমি ক্ষতিপূৰণৰ বাবে ৪৮.০৮ কোটি টকা। সমন্বিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ পৰিসৰৰ বাবে পৰিৱেশ-সংবেদনশীল অঞ্চল চূড়ান্তকৰণ।

৫। ২০২২-২৩ বৰ্ষৰ ভিতৰত ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, লখিমপুৰ আৰু দৰং জিলাত আৰু সাতখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। জি এম চি এইচৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ৰবটিক অস্ত্ৰোপচাৰ গোট স্থাপন।

You might also like