নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত চলিছে মিঞা পলিটিক্স, থলুৱা মুছলমানক একাষৰীয়া কৰা হৈছে

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ  সমাগত ২০২১ চনৰ বিধানসভা নির্বাচনৰ জৰিয়তে পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ সপোন দেখা প্রদেশ কংগ্রেছত গৃহকন্দল অব্যাহত আছে৷ একাংশ নেতাৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতাৰ অভিযোগ তুলি ইজনৰ পাছত সিজনে ত্যাগ কৰিছে দল৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক মুকলি সমালোচনাৰে অন্যতম সাধাৰণ সম্পাদক দুলু আহমেদে দল এৰাৰ পাছত এইবাৰ পদত্যাগ কৰিলে সম্পাদক হেমন্ত কুমাৰ নেওগে৷ অকল পদত্যাগ কৰাই নহয়, সংবাদ মেল পাতি নেওগে আজি দলৰ তিনিজন নেতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে৷ কংগ্রেছৰ ভিতৰচ’ৰাত শেহতীয়াকৈ এটা নতুন ষড়যন্ত্র আৰম্ভ হোৱা বুলি মন্তব্য কৰি নেওগে কয়– কংগ্রেছত সম্প্রতি ‘মিঞা পলিটিক্স’ চলিছে৷ দলৰ এটা চামে পুৰণি অসমীয়া মুছলমানসকলক বাদ দি এটা নতুন চাম অর্থাৎ মিঞা মুছলমানক চক্রান্তৰে অসম প্রদেশ কংগ্রেছলৈ আনিব বিচাৰিছে৷ তেজপুৰৰ নিচিনা এখন সাংস্কৃতিক নগৰীত পূর্ববংগীয় মুছলমান বিধায়ক এজনক অকল তত্ত্বাৱধায়ক নিযুক্তি দিয়াই নহয়, তাত প্রতিদ্বন্দ্বিতা কৰাৰ কাৰণেও আগবঢ়াই দিছে৷ জ্যোতি–বিষ্ণু, বাণ–ভগদত্তৰ ঠাইত এনেধৰণৰ ষড়যন্ত্র কৰিবলৈ থলুৱা মুছলমান বা মোৰ দৰে থলুৱা অসমীয়াই নিশ্চয় নিদিব৷ ইয়াৰ প্রতিবাদ জনাই আজি মই ভাৰতীয় জাতীয় কংগ্রেছৰ পৰা পদত্যাগ কৰিছোঁ৷ নেওগে জানিবলৈ দিয়া মতে, আজি পুৱাৰ ভাগত তেওঁ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত উপস্থিত হৈ সাধাৰণ সম্পাদক ৰাজু শর্মাৰ জৰিয়তে সভাপতি ৰিপুণ বৰালৈ এখন অসমীয়া ফুলাম গামোচাসহ পদত্যাগ–পত্র প্রেৰণ কৰে৷ নেওগৰ আন এক গুৰুতৰ অভিযোগ হ’ল– অসমৰ ৰাজনীতিত কংগ্রেছক এটা সংখ্যালঘু মুছলমানৰ দল হিচাপে প্রতিষ্ঠা কৰিবলৈ নি থকা হৈছে৷ লক্ষণীয়ভাৱে এইক্ষেত্রত কোনে নেতৃত্ব দিছে বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দিয়াৰ পৰা তেওঁ কৌশলেৰে বিৰত থাকে৷ এই প্রসংগত নেওগৰ মন্তব্য আছিল এনেধৰণৰ– নেতৃত্ব কোনে দিছে সেইটো মই নকওঁ৷ কিন্তু এজন অসমীয়া হিচাপে মই ইয়াৰ প্রতিবাদ কৰিছোঁ৷ মোৰ লগত অসমৰ বহু জনসাধাৰণ আছে, বিভিন্ন দল–সংগঠন আছে৷ উত্তৰপাৰৰ লগতে গোলাঘাট আদি জিলাত ইয়াৰ বাবে দলটো দুভাগ হ’ব বুলি তেওঁ দাবী কৰে৷ নেওগে প্রধানতঃ প্রাক্তন মন্ত্রী তথা বিধায়ক ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা আৰু এ আই চি চিৰ সম্পাদক ভূপেন বৰাৰ বিৰুদ্ধে তীব্র বিষোদগাৰ প্রকাশ কৰে৷ তেওঁ কয় যে ৰকিবুল হুছেইনৰ দেউতাক নুৰুল হুছেইনক প্রাক্তন বিত্তমন্ত্রী তথা শ্বৰীফা বেগমৰ পিতৃ মহম্মদ ইদ্রিছে হাতত ধৰি কংগ্রেছত যোগদান কৰোৱাই মন্ত্রী পাতিছিল৷ সেই নুৰুল হুছেইনৰে পুত্র ৰকিবুল হুছেইনে প্রথমতে অসমীয়া মুছলমানৰ প্রতিনিধি শ্বৰীফা বেগমক কংগ্রেছৰ পৰা বিদায় দিলে৷ তেনেধৰণে তেওঁ আৰু বহু অসমীয়া মুছলমানক পর্যায়ক্রমে দলৰ পৰা বিদায় দিছে৷ অকল নগাঁৱতে নহয়, সমগ্র অসমতে এনেধৰণে বহু অসমীয়া মুছলমানক তেওঁ বিদায় দি আছে৷ নেওগে নিজেও কংগ্রছৰ ভিতৰচ’ৰাতে গভীৰ ষড়যন্ত্রৰ বলি হোৱা বুলি মন্তব্য কৰে৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ বিৰুদ্ধেও ষড়যন্ত্র চলাৰ আন এক বিস্ফোৰক মন্তব্য কৰি নেওগে কয় যে দেৱব্রত শইকীয়াক গৰিষ্ঠসংখ্যক কংগ্রেছ বিধায়কে বিৰোধী দলপতি হিচাপে নির্বাচিত কৰিছিল৷ কিন্তু আজি তেওঁৰ লগত কেৱল ৰূপজ্যোতি কুর্মী, কমলাক্ষ দে’ পুৰকায়স্থ আৰু দুর্গা ভূমিজহে আছে৷ বাকীসকল আঁতৰি আহিল৷ এইটো এটা গভীৰ ষড়যন্ত্র৷ দুর্গা ভূমিজে দেৱব্রত শইকীয়াক সমর্থন জনোৱাৰ কাৰণে ডুমডুমাত প্রার্থী হিচাপে প্রক্ষেপ কৰিবলৈ প্রাক্তন বিজেপি বিধায়ক দিলীপ মৰাণক কংগ্রেছত যোগদান কৰোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনক প্রদেশ কংগ্রেছৰ অনুশাসন কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়াক লৈও প্রশ্ণ উত্থাপন কৰে নেওগে৷ নেওগৰ মতে সম্প্রতি অসমত কংগ্রেছ দলটো পাঁচ–ছটা ভাগত বিভক্ত হৈ পৰিছে৷ তদুপৰি ব্রহ্মপুত্রৰ উত্তৰপাৰত কংগ্রেছ দলটোৰ ধ্বংসৰ মূল কাৰণ হিচাপে এ আই চি চিৰ সম্পাদক ভূপেন বৰা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ লগতে বিধায়ক নুৰুল হুদাক সমালোচনা কৰি তেওঁ কয় যে শোণিতপুৰ জিলা কংগ্রেছৰ পাঁচজন অসমীয়া মুছলমান সাধাৰণ সম্পাদকে মোক কৈছে– নুৰুল হুদাক তেজপুৰত দলৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়াত তেওঁলোকে বেয়া পাইছে৷

You might also like