নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনক প্রত্যাহ্বান জনোৱাৰ সংকল্প; জাপানৰে এমএলএছএ চুক্তিত স্বাক্ষৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ লাডাখ সীমান্ত চীনৰ সৈতে সংঘাত চলি থকাৰ সময়তে ভাৰতে কালি জাপানৰ সৈতে প্রতিৰক্ষা খণ্ডত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে৷ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ দখলদাৰী অভিসন্ধিক প্রতিহত কৰাৰ লক্ষ্যৰে নতুন দিল্লী আৰু টকিঅ’ই কালি মিউছুৱেল লজিষ্টিকছ ছার্পোট এৰেঞ্জমেণ্ট (এমএলএছএ)ত স্বাক্ষৰ কৰে৷ ভাৰতৰ হৈ কেন্দ্রীয় প্রতিৰক্ষা সচিব অজয় কুমাৰ আৰু জাপানৰ ৰাষ্ট্রদূত ছুজুকি ছাটশ্বিয়ে দুই দেশৰ চুক্তিখনত স্বাক্ষৰ কৰে বুলি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্রই প্রকাশ কৰিছে৷

মুখপাত্রগৰাকীয়ে বিবৃতিত প্রকাশ কৰা মতে দুই দেশৰ মাজত হোৱা এই এমএলএছএ চুক্তি অনুসৰি দুয়ো দেশেই ইখন–সিখন দেশৰ সশস্ত্র বাহিনীৰ সামৰিক সুবিধাসমূহ ব্যৱহাৰৰ সুযোগ লাভ কৰিব৷ দুয়ো দেশৰ প্রতিৰক্ষা খণ্ডৰ সহযোগিতা অধিক নিকট হ’ব৷ সেই চুক্তি অনুসৰি দুয়োখন দেশে সামৰিক বাহিনীৰ বাবে সা–সামগ্রী যোগান ধৰাৰ লগতে দ্বিপাক্ষিক প্রশিক্ষণৰ কার্যকলাপৰ সেৱা লাভ কৰিব৷

তাৎপর্যপূর্ণ যে জাপানৰ পূর্বে ভাৰতে একেই চুক্তি আমেৰিকা যুক্তৰাষ্ট্র, ফ্রান্স, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু অষ্ট্রেলিয়াৰ লগতো সম্পন্ন কৰিছে৷ ২০১৬ চনত আমেৰিকাৰ সৈতে হোৱা দ্য লজিষ্টিকছ এক্সচেঞ্জ মেম’ৰিয়েনডাম অৱ এগ্রিমেণ্ট (এলইএম’) অনুসৰি ভাৰতে আমেৰিকা যুক্তৰাষ্ট্রৰ জিব’টি, ডিয়েগো গার্ছিয়া, গুৱাম আৰু ছিউবিক বে’ট ইন্ধন ভৰোৱাৰ সুবিধা লাভ কৰি আছে৷ তেনেদৰে ২০১৮ চনত ফ্রান্সৰ সৈতে হোৱা অনুৰূপ চুক্তিত ভাৰতীয় নৌ বাহিনীয়ে আই’আৰৰ দক্ষিণ–পশ্চিম প্রান্তত থকা ফ্রান্সৰ ঘাটি মাডাগাস্কাৰ সমীপৱর্তী ৰিউনিয়ন আইলেণ্ড আৰু হর্ন অৱ আফ্রিকাৰ জিব’টিত সামৰিক সুবিধা লাভ কৰি আছে৷

আনপিনে অষ্ট্রেলিয়াৰ সৈতে হোৱা এই চুক্তিত ভাৰতৰ যুদ্ধ জাহাজ পশ্চিম প্রান্তৰ প্রশান্ত মহাসাগৰ অঞ্চলত বাহৰ পতাৰ সুযোগ লাভ কৰিছে৷ এই চুক্তি তিনিখনৰ সমান্তৰালকৈ জাপানৰ সৈতে আজি হোৱা চুক্তিখন ভাৰতৰ বাবে অতিকে গুৰুত্বপূর্ণ৷ কিয়নো ইতিমধ্যে ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ সমীপতে চীনে ৬–৮খন যুদ্ধ জাহাজ মোতায়েন কৰিছে৷ চীনে দীর্ঘ দূৰত্বৰ নিউক্লিয়াৰ বেলিষ্টিক মিছাইল, এণ্টি চীপ ক্রুইজ মিছাইল, ছাবমেৰিন, বিমান পৰিবাহী জাহাজ আদি মোতায়েন কৰাৰ পিছতেই উদ্বিগ্ন নতুন দিল্লী৷

You might also like