নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

DU ৰেগিং কাণ্ডঃ অভিযুক্ত সকলৰ ওপৰত ৰুজু কৰা হৈছে ভিন্ন ধাৰাৰ গোচৰ; হ’ব পাৰে ১০বছৰ কাৰাদণ্ড

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ঘটনাৰে অভিযুক্ত সকলৰ ওপৰত ৰুজু কৰা হৈছে ভিন্ন ধাৰাৰ গোচৰ 
  • দোষী সাব্যস্ত হ’লে হ’ব পাৰে -১০বছৰৰ সশ্ৰম কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি ৰেগিং কাণ্ডৰ ঘটনা এই ৰেগিং কাণ্ডৰ ঘটনাৰে জড়িত অভিযুক্ত সকলৰ ওপৰত ৰুজু কৰা হৈছে ভিন্ন ধাৰাৰ গোচৰ। ডিব্ৰুগড় সদৰ থানাৰ গোচৰ নম্বৰ ৭২৯/২২আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩৪১/৩৯৫/৩০৭/১৪৩ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত ইতিমধ্যে ডিব্ৰুগড় ৰেগিং কাণ্ডৰ ঘটনাৰে জড়িত ৬জনকৈ অভিযুক্ত ছাত্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে মূল অভিযুক্ত ৰাহুল ছেত্ৰী ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা এই ঘটনাক যদিও ৰেগিং আখ্যা দিয়া হৈছে ৷ এই ঘটনাক আচলতে ৰেগিং বুলি ক’বই নোৱাৰি বুলি বহু সচেতন ব্যক্তিয়ে মন্তব্য প্ৰদান কৰিছে ৷সেইমতে আৰক্ষীয়েও এই ঘটনাক কেৱল ৰেগিং হিচাপে নলয় এক গুৰুত্বপূৰ্ণ অপৰাধজনিত ঘটনা হিচাপে উচিত তদন্ত কৰি অভিযুক্ত সকলৰ ওপৰত যি সমূহ ধাৰা ৰুজু কৰা হৈছে এইসমূহ ধাৰাৰ ভিত্তিতেই আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ঘটনা কিমান জঘন্য আছিল কল্পনা কৰিব পাৰি ।

ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত সকলৰ ওপৰত ৰুজু কৰা ধাৰা সমূহৰ বিশ্লেষণ এনেধৰণৰ ১২০(বি)অপৰাধ মূলক ষড়যন্ত্ৰ ,৩৪১ আগুচি ধৰি প্ৰহাৰৰ চেষ্টা কৰা ,৩৯৫ ডকাইতি কৰা,৩০৭হত্যাৰ চেষ্টা কৰা আৰু ১৪৩ অবৈধভাৱে সভা অনুষ্ঠিত কৰি অপৰাধজনিত ঘটনাৰ পৰিকল্পনা কৰা ৷ এই আটাইকেইটা ধাৰাই জামিনবিহীন বুলি ক’ব পাৰি ,যদি অভিযুক্ত সকল দোষী আদালতত দোষী সাব্যস্ত হয় তেন্তে জৰিমনা বিহাৰ লগতে ১০বছৰৰ সশ্ৰম কাৰাদণ্ডও হ’ব পাৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ঘটনাক এতিয়া বহুতেই এতিয়া ৰেগিং বুলি ক’ব নুখুজে কিয়নো “ৰেগিং” ৰ নামত এজন মেধাৱী ছাত্ৰক একাংশ উদণ্ড ছাত্ৰই যি নিৰ্মম অত্যাচাৰ চলাইছিল ,এই অত্যাচাৰ সহিব নোৱাৰি নিজক ৰক্ষা কৰিবলৈ হোষ্টেলৰ ওপৰৰ পৰা জপিয়াবলৈ বাধ্য হৈছিল ৷ উদণ্ড ছাত্ৰকেইজনৰ প্ৰহাৰত হয়তো মেধাৱী ছাত্ৰজনে মৃত্যুকো আকোঁৱালি ল’ব লগাৰ দৰে এটা ঘটনা সংঘটিত হ’লহেতেন বুলি সচেতন ৰাইজে ক’ব খুজিছে ৷

তদুপৰি জীৱনভৰ ঘূনীয়া হোৱাকৈ ছাত্ৰজনক ইমানেই নিৰ্মম প্ৰহাৰ কৰা হৈছিল যে হাত ভৰি পকাই ভাঙি দিয়াৰ ওপৰি গুপ্তাংগতো আঘাত কৰিছিল ৷ এই ঘটনা সম্পূৰ্ণৰূপে পৰিকল্পিত আৰু মৃত্যুৰ বাবে প্ৰৰোচিত কৰা এটা ঘটনাই আছিল বুলি বহুজনে এতিয়া ক’ব বিচাৰে । আনহাতে ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাৰে জড়িত অভিযুক্ত সকলৰ ওপৰত যি গুৰুত্বপূৰ্ণ ধাৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ লগতে ঘটনাৰে জড়িত মূল অভিযুক্তক বিচাৰি যি ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে ।তাৰবাবে ডিব্ৰুগড় আৰক্ষীক ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ পৰিয়ালৰ লগতে সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজ আৰু অসমৰ বহুকেইজন প্ৰাক্তন আৰক্ষী বিষয়াই ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

প্ৰতিবেদন | কাঞ্চনজ্যোতি গোহাঁই

You might also like