নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসম্পদৰ দায়িত্বজ্ঞানহীনতাত ৰাজ্যত বানৰ ভয়ংকৰ ৰূপ; নিবিদা পৰ্যায়তে থমকিল ৬০৮ কোটিৰ আঁচনি

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ জলসম্পদ বিভাগৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিণতিতে ৰাজ্যখনত এইবাৰ বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । খৰালি কালতেই ভগ্ন মথাউৰিৰ মেৰামতি, নিৰ্মাণকাৰ্য কৰাৰ পৰিৱৰ্তে আঁচনি ৰূপায়ণৰ কাম-কাজ মাৰ্চ-এপ্ৰিল মাহলৈ পিছুৱাই ৰখাৰ প্ৰৱণতাৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই বিয়াগোম জলসম্পদ বিভাগটো ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্য চৰকাৰে বাৰম্বাৰ নিৰ্মাণকাৰ্য অক্টোবৰ-নৱেম্বৰ মাহৰ পৰাই আৰম্ভ কৰিবলৈ সোঁৱৰাই অহা সত্ত্বেও গা লৰা নাই জলসম্পদ বিভাগৰ । এইবাৰো একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল ।যোৱা মাৰ্চ মাহত বিভাগটোৱে আঁচনি ৰূপায়নৰ কোনো কামেই হাতত ল’ব নোৱাৰিলে । যাৰ ফলত এইবাৰ বানে ৰাজ্যত কালন্তক ৰূপ ধাৰণ কৰিলে ।

জলসম্পদ বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ এছ ডি আৰ এফ শিতানৰ অধীনত ১৫৩.৯১ কোটি টকাৰ ১০১ খন আঁচনিৰ কাম এইবাৰ হাতত লোৱা হৈছিল । কিন্তু যোৱা ৪ মাৰ্চলৈ উক্ত আঁচনিকেইখনৰ ক্ষেত্ৰত অসম ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ৰাজ্যিক কাৰ্যকৰী কমিটীৰ অনুমোদনহে লাভ কৰে । সেই মূহুৰ্তলৈকে উক্ত আঁচনিকেইখনৰ ক্ষেত্ৰত প্ৰশাসনীয় অনুমোদনেই লাভ নকৰিলে । সেইদৰে ড’নাৰ মন্ত্ৰণালয়ৰ সম্পূৰ্ণ বিধ্বস্ত আন্তঃগাঠনি শিতানত মুঠ ৪৮.৭৫ কোটি টকাৰ মাত্ৰ দুখন আঁচনিহে অনুমোদন লাভ কৰে । একেদৰে এছ অ’ পি ডি-এফ ডি আৰ শিতানত মুঠ ৬০৭.৯৭ কোটি টকাৰ ৪৮ খন আঁচনিৰ প্ৰশাসনিক অনুমোদন লাভ কৰে যদিও বহু আঁচনিৰ নিবিদা প্ৰক্ৰিয়া মাৰ্চৰ প্ৰথম সপ্তাহলৈ আৰম্ভই নহ’ল ।

অৰ্থাৎ আঁচনি ৰূপায়নৰ বিষয়টো নিবিদাৰ পৰ্যায়তে থমকি ৰ’ল । কিন্তু মাৰ্চৰ দ্বিতীয় সপ্তাহ আৰম্ভ হোৱাৰ লগে লগে দেশত ক’ৰোনা সংক্ৰমণে গা কৰি উঠে । লগে লগে সামাজিক কাম কাজত স্থবিৰতাই বিৰাজ কৰে । যাৰ বাবে বিভাগটোৱে এই বৰ্ষত নিৰ্মাণকাৰ্য হাতত ল’বই নোৱাৰিলে ।

You might also like