নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত ব্যাপক সংক্ৰমণ; নতুনকৈ পজিটিভ ১৪০ জনৰ ভিতৰত ১২২ জনেই মহানগৰীৰ

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ মহানগৰী গুৱাহাটীত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ।

ৰাজ্যত নতুনকৈ ১৪০ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত বুলি পৰীক্ষাত পোহৰলৈ আহিছে । ইয়াৰে ১২২ জনেই গুৱাহাটী মহানগৰীৰ । এক টুইটযোগে এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে এই টুইটৰ যোগেদিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীবাসী ৰাইজক সতৰ্ক হ’বলৈ আহ্বান কৰাৰ লগতে লকডাউনক সম্পূৰ্ণ সমৰ্থন জনাবলৈ আহ্বান জনাইছে ।

বৰ্তমান ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা  ৮৫৪৭ জনলৈ বৃদ্ধি পায় ।

You might also like