নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত জোনমণি ৰাভাৰ স্মৃতিত বন্তি প্ৰজ্বলন-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৩১ মেঃ কামৰূপ জিলাৰ বকোৰ মাজমজিয়াত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাৰ তত্ত্বাৱধানত ২৭নং পৰিষদীয় সমষ্টিৰ মণিটৰিং সমিতিৰ উদ্যোগত আয়োজন কৰা হয় জোনমণি ৰাভাৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুস্থান। বকোস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান চৌহদত সন্ধিয়া পৰত সহশ্ৰাধিক ৰাইজৰ সহযোগত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুস্থান সম্পন্ন কৰে। সুমিত ৰাভাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা অনুস্থানত বন্তি প্ৰজ্বলন কৰে বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়াই আৰু মাল্যাৰ্পন কৰে জ্যেষ্ঠ্য সমাজ কৰ্মী নগেন কলিতাই। জোনমণি ৰাভাৰ স্মৃতিত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুস্থান সুমিত ৰাভাই জনোৱা মতে আজি সমগ্ৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাত দহ হাজাৰ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব। বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুস্থানত বকো বজাৰ সমিতিৰ সাধাৰণ সম্পাদক সম্ভু ভদ্ৰ, বকো সমবায় সমিতিৰ সভাপতি কৰ্ণ ভূষণ ৰাভা, বকোৰ জ্যেষ্ঠ্য সমাজ কৰ্মী অচ্যুত সাহা, ইন্দ্ৰ সি ৰাথোৰ, ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিক সমিতিৰ সভাপতি সুজিত ৰাভা, সম্পাদক দিব্য ৰাভা, মনিটৰিং সমিতিৰ সভাপতি বিষ্ণু লাল চেত্ৰী, ৰাভা মহিলা পৰিষদৰ বিষয় ববীয়া সকল, বকো অঞ্চলৰ জাতীয় দ’ল সংগঠনৰ বিষয় ববীয়া সকলৰ উপৰি অনুস্থানত দুই সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like