নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তনৰ ভয়াৱহ ইংগিত অসমলৈ

  নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী: বিগত প্রায় পাঁচ মাহে বৰষুণৰ অভাৱত ৰাজ্যত সৃষ্টি হোৱা অভাৱনীয় ধূলিয়ৰি পৰিৱেশে জনস্বাস্থ্যলৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ সামগ্রিকভাৱে বায়ু মান সূচাংক বৃদ্ধি পোৱাৰ ফলত ৰাজ্যত বহু লোক বিভিন্ন শ্বাস–প্রশ্বাসজনিত ৰোগত ভুগিবলগীয়া হৈছে৷ বনাঞ্চল হ্রাস, জনসংখ্যা বৃদ্ধি, ঔদ্যোগিক অঞ্চলৰ সম্প্রসাৰণ আদিকে ধৰি কেইবাটাও কাৰণৰ বাবে ৰাজ্যত জলবায়ু পৰিৱর্তনৰ কু–প্রভাৱ পৰিলক্ষিত হৈ আহিছে আৰু এই কথা পুনৰ স্পষ্ট হ’ল গোলকীয়ভাৱে চলোৱা এক সমীক্ষাত৷ ‘গ্রছ ডমেষ্টিক ক্লাইমেট ৰিস্ক’ শীর্ষক এক প্রতিবেদনত জলবায়ু পৰিৱর্তনৰ ভয়াৱহ বিপদাশংকা কঢ়িয়াই অনা বিশ্বৰ শীর্ষ ১০০খন ৰাজ্যৰ ভিতৰতে অসমে স্থান লাভ কৰিছে৷ ভাৰতৰ আন ১৩খন ৰাজ্যৰ সৈতে এই তালিকাত অসমে স্থান লাভ কৰা কার্যই জলবায়ু পৰিৱর্তনৰ ফলত ভৱিষ্যতে ৰাজ্যবাসীয়ে সন্মুখীন হ’বলগীয়া আন এক ভয়াৱহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে৷

প্রতিবেদনত উল্লেখ কৰা অনুসৰি জলবায়ু পৰিৱর্তনৰ ফলত ভৱিষ্যতে অসমসহ দেশৰ ৰাজ্যকেইখন প্রলয়ংকৰী বানৰ কবলত পৰিব পাৰে৷ এই প্রতিবেদনত অসমসহ আন ৰাজ্য ক্রমে উত্তৰ প্রদেশ, বিহাৰ, ৰাজস্থান, তামিলনাডু, মহাৰাষ্ট্র, গুজৰাট, পঞ্জাব, কেৰালা, মধ্যপ্রদেশ, পশ্চিমবংগ, হাৰিয়ানা, কর্ণাটক আৰু অন্ধ্রপ্রদেশৰ বাবে বানপানীয়ে বিপদাশংকা কঢ়িয়াই আনিব বুলি উল্লেখ কৰা হৈছে৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি আন্তঃগাঁথনিৰ সম্প্রসাৰণ, উদ্যোগ, চহৰ আৰু নগৰ অঞ্চলৰ বিকাশ আদিৰ বাবে বতৰ পৰিৱর্তন তথা জলবায়ুলৈ প্রত্যাহ্বান কঢ়িয়াই আনিব৷ বিশেষকৈ ইয়াৰ ফলত নদী আৰু সমতলীয় অঞ্চলত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব৷

প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি ১৪খন ভাৰতীয় ৰাজ্যত হ’ব পৰা প্রলয়ংকৰী বানপানীৰ দৰে প্রাকৃতিক দুর্যোগে এক বিলিয়ন লোকক ক্ষতিগ্রস্ত কৰিব৷ অর্থাৎ গোলকীয়ভাৱে প্রতি আঠজন মানুহৰ ভিতৰত এজনক ই ক্ষতিগ্রস্ত কৰিব৷ অর্থাৎ মধ্যমীয়া আকাৰৰ অথবা ক্ষুদ্র দেশসমূহৰ সমান জনসংখ্যা জলবায়ু পৰিৱর্তনৰ ফলত হ’ব পৰা বিপদৰ সন্মুখীন হ’ব৷ ভাৰতৰ উপৰি চীন আৰু আমেৰিকাৰ কেইবাখনো ৰাজ্যই এই শীর্ষ ১০০ৰ তালিকাত স্থান লাভ কৰিছে৷

উল্লেখ্য যে এই প্রতিবেদনত মুঠ আঠটা বিভিন্ন ধৰণৰ জলবায়ু সম্পর্কীয় প্রত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা হৈছে৷ বানপানীৰ উপৰি ক্রমবর্ধমান গোলকীয় উষ্ণতাৰ পৰিণতিত সাগৰীয় বান, অত্যধিক গৰম, বনজুই, খৰাং, প্রচণ্ড বতাহ আৰু হিমপ্রৱাহৰ বিষয়েও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ স্বাভাৱিকতে বিশ্বৰ আগশাৰীৰ এই সমীক্ষাত অসমে স্থান লাভ কৰা কার্যই ভৱিষ্যতে সৃষ্টি হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ অশনি সংকেত বহন কৰিছে৷ পৰৱর্তী সময়ত এই জলবায়ু সম্পর্কীয় প্রত্যাহ্বানসমূহক নেওচি জনসাধাৰণৰ সুৰক্ষাৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হয়, সেয়া লক্ষণীয় হ’ব৷

You might also like