নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ বুৰাৰী গ্রাউণ্ডত গীত–শ্লোগান–ড্রাম বজাই কৃষকৰ বিক্ষোভ

কৃষি আইনৰ বিৰুদ্ধে অব্যাহত প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে পঞ্জাবকে ধৰি কেইবাখনো ৰাজ্যৰ কৃষকৰ প্রতিবাদে চতুর্থ দিনত ভৰি দিলে৷ দিল্লী চলো কার্যসূচীৰে বিগত দুদিন ধৰি দিল্লী–হাৰিয়ানা সীমান্তত আৰক্ষী আৰু প্রতিবাদী কৃষকৰ মাজত বিক্ষিপ্ত সংঘর্ষৰ অন্তত কালি কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষকক নতুন দিল্লীত প্রৱেশৰ অনুমতি দিয়ে৷ দিল্লীত প্রৱেশৰ অনুমতি নিদি দিল্লী–হাৰিয়ানা সীমান্তত প্রতিবাদকাৰীক হাৰিয়ানা আৰু দিল্লী আৰক্ষীয়ে বাধা প্রদান কৰাৰ পৰিপ্রেক্ষিতত প্রতিবাদকাৰীয়ে বেৰিকেড ভাঙি ৰাজধানী চহৰত প্রৱেশৰ চেষ্টা চলায়৷ ইপিনে কৃষক প্রতিবাদকাৰীৰ এই কার্যক বাধা প্রদান কৰি আৰক্ষীয়ে পানীহিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰে৷ এনে সময়ছোৱাতে প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বিক্ষিপ্ত সংঘর্ষই উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিছে৷ সীমান্তত হাজাৰ হাজাৰ কৃষকৰ দিল্লী চলো আঁকোৰগোজ মনোভাবক অৱশেষত কেন্দ্রই মানি ল’বলৈ বাধ্য হয় আৰু শান্তিপূর্ণভাৱে দিল্লীত প্রৱেশ কৰিবলৈ অনুমতি দিয়ে৷ প্রশাসনে নির্ধাৰিত কৰি দিয়া স্থানত কৃষক প্রতিবাদীসকলে শান্তিপূর্ণভাৱে আন্দোলন অব্যাহত ৰাখিব পাৰিব৷ কেন্দ্রৰ এই অনুমতিৰ পাছত সীমান্তত থকা একাংশ কৃষক প্রতিবাদীয়ে দক্ষিণ দিল্লীৰ বুৰাৰী গ্রাউণ্ডত প্রৱেশ কৰি প্রতিবাদী কার্যসূচী অব্যাহত ৰাখে৷ কেন্দ্রীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে প্রতিবাদকাৰীসকলে গীত আৰু ড্রাম বজাই পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদস্থলীত ৰঙা, নীলা, সেউজীয়া পতাকা লৈ কৃষকসকলে কৃষকবিৰোধী চৰকাৰক ধিক্কাৰ দিয়ে৷ পঞ্জাব, হাৰিয়ানা, মধ্যপ্রদেশ, ৰাজস্থান, উত্তৰ প্রদেশকে ধৰি কেইবাখনো ৰাজ্যৰ কৃষকে ট্রাক আৰু ট্রেক্টৰ লৈ দিল্লীত প্রৱেশ কৰিব খোজোঁতে সীমান্ততে আৰক্ষীয়ে বাধা দি ৰাখে৷ একাংশই চৰকাৰে নির্ধাৰণ কৰি দিয়া স্থানলৈ গৈ প্রতিবাদ সাব্যস্ত কৰি থকাৰ বিপৰীতে আন একাংশই সীমান্ততে থাকি প্রতিবাদ চলাই যাব বুলি ঘোষণা কৰিছে৷ ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক হৰিন্দৰ সিঙে ঘোষণা কৰা মতে, কৃষকসকলে সিংঘু, টিক্রীত থাকিয়ে প্রতিবাদ চলাই যাব৷ প্রতিবাদ কিদৰে আগবঢ়াই নিব, সেই সন্দর্ভত প্রতিদিনে পুৱা কিষাণ ইউনিয়নৰ লগতে আন সংগঠনে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ ইপিনে দিল্লী, হাৰিয়ানা সীমান্তত কৃষকসকলে প্রতিবাদস্থলী গঢ়ি তোলাত দুই ৰাজ্যৰ যাতায়াতত ব্যাঘাত জন্মিছে৷ প্রশাসনে যাতায়াত ব্যৱস্থা অব্যাহত ৰখাৰ বাবে উল্লিখিত দুই সীমান্তক আঁতৰাই ৰাখি আন পথেৰে লোকসকলক যাতায়াত কৰিবলৈ নির্দেশ দিছে৷ প্রতিবাদৰ বাবে কৃষকৰ কার্যসূচীত যাতে কোনো ধৰণৰ বিঘিনি নঘটে, সেয়া নিশ্চিত কৰিবলৈ সীমান্তত অধিক নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা হৈছে৷ ইপিনে হাৰিয়ানাৰ সীমান্তত পঞ্জাবৰ পৰা দিল্লী চলো কার্যসূচীত অংশগ্রহণৰ বাবে যোৱা কৃষকক ৰাজ্যখনৰ আৰক্ষীয়ে নির্যাতন কৰা বুলি পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে কৰা দাবীক খণ্ডন কৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰে৷ মুখ্যমন্ত্রী খট্টৰে প্রতিবাদী কৃষকক আৰক্ষীয়ে কোনো ধৰণৰ নির্যাতন নকৰাকৈ পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ যি ধৰণৰ সংযম বর্তালে, তাৰ বাবে আৰক্ষীক ধন্যবাদ জনাইছে৷ তাৎপর্যপূর্ণভাৱে কৃষকৰ এই প্রতিবাদত সমাজবিৰোধী চক্র জড়িত হৈ আছে বুলি অভিযোগ কৰিছে মুখ্যমন্ত্রী খট্টৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, পঞ্জাবৰ কৃষকৰ আন্দোলনত খালিস্তানপন্থীয়ে সহযোগ কৰিছে৷ তদুপৰি পঞ্জাবৰ মুখ্যমন্ত্রী কার্যালয়ৰ পৰাই কৃষকৰ এই আন্দোলন পৰিচালিত হৈছে৷

You might also like