নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ ধৰা পৰিল গৌৰীপুৰ থানাৰ বিষয়া

তৎপৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  এটা গোচৰৰ মীমাংসাৰ বাবে এক লাখ টকা উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ হ’ল গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰ৷ দুর্নীতি নিবাৰক আৰু তদন্তকাৰী শাখাই আজি এক অভিযান চলাই এইজন আৰক্ষী বিষয়াক গৌৰীপুৰ থানাতে হাতে–লোটে ধৰা পেলায়৷ দুর্নীতি নিবাৰক শাখাত ভুক্তভোগী এজন লোকে দিয়া অভিযোগৰ ভিত্তিত আজি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ উপস্থিতিত এটা দলে অভিযান চলাই সত্যজিৎ বৰঠাকুৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে আৰক্ষী বিষয়া বৰঠাকুৰক গৌৰীপুৰ থানাতে সোধা–পোছা কৰি থকা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি উক্ত ঘটনাৰ লগত জড়িত গৌৰীপুৰ আৰক্ষী থানাৰ সহকাৰী উপ–পৰিদর্শক আবুল কালাম আজাদ গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷

You might also like