নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: শ্ৰী শ্ৰী মাধৱদেৱ তিথিৰ উপলক্ষে অসমৰ চৰকাৰে বন্ধৰ দিন এদিন পিছুৱাইছে। সেই অনুসৰি চৰকাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে পূৰ্বে ১৪ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছিল যদিও এই সিদ্ধান্তৰ সালসলনি কৰি বৰ্তমান ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে। এই সন্দৰ্ভত এক নতুন জাননী চৰকাৰে জাৰি কৰিছে।

উল্লেখ্য যে পূৰ্বৰ অধিসূচনাত ১৪ ছেপ্টেম্বৰত সীমিত বন্ধ ঘোষণা কৰিছিল, কিন্তু বৰ্তমান ১৫ ছেপ্টেম্বৰত সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে।

You might also like