নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্ত্রোপচাৰৰ বাবে ৪৫ মিনিট দৌৰি হাস্পতালত চিকিৎসক

পথৰ যান–জঁটে কর্তব্যত বাধা দিব নোৱাৰিলে নন্দকুমাৰক

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: কর্ণাটকৰ এগৰাকী চিকিৎসকে নিজৰ কর্তব্যনিষ্ঠাৰে দেশবাসীৰ প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ মুষলধাৰ বৰষুণৰ বাবে জলমগ্ণ পথত তীব্র যান–জঁটৰ সৃষ্টি হৈছে৷ কিন্তু হাস্পতালত উপস্থিত হৈয়েই চিকিৎসকগৰাকীয়ে এগৰাকী ৰোগীৰ অস্ত্রোপচাৰ কৰিব লাগিব৷ অস্ত্রোপচাৰৰ বাবে পুৱাৰে পৰা হাস্পতালত অপেক্ষা কৰি আছে ৰোগীয়ে৷ গতিকে পথৰ যান–জঁটত বন্দী হৈ নাথাকি ৪৫ মিনিট সময় দৌৰি ৩ কিলোমিটাৰ পথ অতিক্রম কৰি হাস্পতালত উপস্থিত হয় চিকিৎসকগৰাকী৷ বাংগালুৰুৰ মণিপাল হাস্পতালত কর্মৰত এই চিকিৎসকগৰাকীৰ নাম গোবিন্দ নন্দকুমাৰ৷ যোৱা ৩০ আগষ্টত হাস্পতালত উপস্থিত হৈয়েই অস্ত্রোপচাৰ কক্ষলৈ দৌৰি গৈ ৰোগীৰ চিকিৎসাত নিয়োজিত হয় নন্দকুমাৰ৷ উল্লেখনীয় যে সেইদিনাখনেই কেইবাগৰাকীও ৰোগীৰ গলব্লাডাৰৰ অস্ত্রোপচাৰ কৰে চিকিৎসকগৰাকীয়ে৷

You might also like