নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আতিথ্যৰ আন্তঃগাঁথনিয়েই হৈছে পৰ্যটন বিকাশৰ মূল চাবিকাঠিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

  • অসম পর্যটন উন্নয়ন নিগম (ATDC) আৰু Indian Hotel Company Limited (IHCL)ৰ মাজত বুজাবুজিৰ চুক্তি

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  আজি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৰ উপস্থিতত জনতা ভৱনত অসম পর্যটন উন্নয়ন নিগম (ATDC) আৰু Indian Hotel Company Limited (IHCL)ৰ মাজত এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰা হয়।

ATDC আৰু Indian Hotel Company Limited (IHCL) ৰ মাজত হোৱা এই চুক্তি অনুসৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰত Ginger ব্ৰেণ্ডৰ এখন অতি উন্নতমানৰ হোটেল নিৰ্মাণ কৰা হ’ব। এই বুজাবুজি চুক্তিৰ অনুসৰি এটিডিচিয়ে আইএইচচিএলৰ সপক্ষে দীৰ্ঘম্যাদী পট্টা প্ৰদান কৰিব। আৰু আইএইচচিএলে নিজৰ দ্বাৰা, বা কোনো অংশীদাৰ/বিনিয়োগকাৰীৰ জৰিয়তে, উপযুক্ত বুলি বিবেচনা কৰা, আৰু পাৰস্পৰিকভাৱে চুক্তিবদ্ধ চৰ্ত আৰু নিয়মৰ অধীনত, এখন হোটেল নিৰ্মাণ কৰিব, যিটো ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড (আইএইচচিএল) “জিঞ্জাৰ”ৰ অধীনত সম্ভাৱ্যভাৱে ব্ৰেণ্ড কৰা হ’ব ” ।

এই হোটেল নিৰ্মাণৰ ফলত মানস ৰাষ্ট্ৰীয় উদ্যান তথা অসমৰ BTR অঞ্চল ভ্রমণলৈ অহা পৰ্য্যটকসকল বিশেষভাবে উপকৃত হ’ব। স্বাক্ষৰ গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ” এটা সময়ত অসমত এনেকুৱা ব্ৰেণ্ড হোটেল অহাৰ পৰিৱেশ নাছিল কিন্তু আজিৰ প্ৰেক্ষাপটত অসমত নামী – দামী গ্ৰুপে MoU স্বাক্ষৰ কৰিবলৈ আগবাঢ়ি আহিছে , যিটো আমাৰ বাবে এক অত্যন্ত গৌৰৱৰ কথা।” বি টি আৰৰ বৰ্তমানৰ শান্তিপূৰ্ণ পৰিৱেশৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই বি টি আৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে লগতে আগন্তুক দিনত বি টি আৰ অতি উন্নতমানৰ আন্তঃগাঁথনি পৰিপূৰ্ণ পৰ্য্যটন ক্ষেত্ৰ ৰূপে পৰিগণিত হব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে আজিৰ এই MoU স্বাক্ষৰ প্ৰচেষ্টাৰ যোগেদি প্ৰতিজন পৰ্যটকেই মানস ৰাষ্ট্ৰীয় উদ্যানত এক উপভোগ্য আৰু আৰামদায়ক অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব ।

আজিৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং , এটিডিচিৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপানি বৰা, আইএইচচিএলৰ উপ সভাপতি অংকিতা গুপ্তা আদিকে ধৰি অন্যান্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

You might also like