হাইলাকান্দিৰ পাঁচগ্ৰামত ভয়ংকৰ হিট এণ্ড ৰান, আহত কমেও ৯
ৰাজ্যত পুনৰ পোহৰলৈ আহিছে এক হিট এণ্ড ৰানৰ ঘটনা। এইবাৰ ঘটনাস্থল হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম। এখন দ্ৰুতবেগী স্কৰপিঅ’ বাহনে যাত্ৰীভৰ্তি এখন ইলেক্ট্ৰিক অ’টোক জোৰদাৰ খুন্দা মাৰি ঘটনাস্থলৰ পৰা পলায়ন কৰাৰ ফলত কমেও ৯ জন লোক আহত হয়।
জানিব পৰা মতে, হাইলাকান্দি জিলাৰ পাঁচগ্ৰামস্থিত ঐতিহাসিক সিদ্ধেশ্বৰ শিৱ মন্দিৰৰ সন্মুখত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। মন্দিৰৰ সন্মুখত ৰৈ থকা এখন ইলেক্ট্ৰিক অ’টোক এখন দ্ৰুতবেগী স্কৰপিঅ’ বাহনে তীব্ৰ বেগেৰে খুন্দা মৰাত অ’টোখন ভয়াবহভাৱে ক্ষতিগ্ৰস্ত হয়।
দুৰ্ঘটনাত অ’টোখনত থকা কমেও ৯ জন যাত্ৰী আহত হয়। আহতসকলৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে তৎপৰতাৰে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইপিনে, দুৰ্ঘটনাৰ পিছতেই স্কৰপিঅ’ বাহনখন দ্ৰুতগতিত ঘটনাস্থলৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে দুৰ্ঘটনাত জড়িত স্কৰপিঅ’ বাহনখন চিনাক্ত কৰিব পৰা হোৱা নাই।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ডিজিটেল ডেস্ক, ১১ মে’