নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ হাতীগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত এজন

নগাঁও জিলাৰ কলিয়াবৰৰ হাতীগাঁৱত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু ঘটে। ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ইনোভা গাড়ী আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত থিতাতে নিহত হোৱা লোকজন কাৰ্বি আংলং জিলাৰ খেৰণিৰ মনভিক ইংতি বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত ইনোভা গাড়ীখনৰ নম্বৰ AS 03M 6977 আৰু বাইকখনৰ নম্বৰ AS 09 M 3359 বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আহত অৱস্থাত মনভিক ইংতিক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১১ মে’

You might also like